পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৫) সাহিত্য পত্রিকাই কৈছে, “অস্মি শব্দৰপৰা অসম বা আচাম শব্দ ভাষা পৰিবৰ্ত্তন হোৱাৰ ৰীতিমতে হ’ব নোৱাৰে, অস্ম শব্দৰপৰা হ’ব পাৰে।" প্রাচীন কালত এই দেশৰ নাম আচলতে অস্মহে আছিল। অস্মি মানুহৰ মুখত পৰি বিকৃত হোৱা ৰূপহে । অস্ম শব্দৰপৰা যদি অসম হ’ব পাৰে, তেন্তে পত্রিকাৰ আমাৰ কথাৰেহে পোষকতা কৰিলে । “আহোম" শব্দৰ “অনুপান” আমাৰ “বৰিত” নাথাকিব পাৰে। কিন্তু অন্ম দেশৰপৰা অসম দেশ, আৰু অসম দেশৰ মালিক আৰু অসমত প্ৰৱল প্রতাপেৰে বসতি কৰোতা ৰজা আৰু তেওঁৰ জাতৰ মানুহে অসম আৰু তাৰপৰা অহম বা আহোম নাম পোৱাত আমি “অনুপানৰ” অভাৱ দেখা নাই। কোনো এখন দেশত পৰাক্ৰমী হৈ বসতি কৰোতা জাতিৰ মানুহে কালক্ৰমত সেই দেশৰ নাম পোৱাটো বুৰঞ্জীত অঘটন ঘটা কাৰ্য নহয় । পত্রিকাই অলপ ভাবি চালেই তেনেকুৱা উদাহৰণ বিচাৰি পাব। আহোম টাই বা শ্যান বা শ্যাম মানুহ আমাৰ দেশলৈ তেওঁলোক অহাৰ আগেয়ে যে তেওঁলোকৰ নাম আহোম বা অহম বা অসম বা অসমীয়া আছিল, সেই কথা আমি আজিলৈকে জনা কোনো বুৰঞ্জীৰ পাতত দেখিবলৈ বা জানিবলৈ পোৱা নাই। যদি পত্রিকাই পাইছে, বা দেখিছে তেন্তে আমাৰ মত সলাই মিছাটো এৰি সচাটো ধৰিবলৈ আমাৰ কোনো আপত্তি নাই (ক) “বঙালী ভাষা” । আজিকালি আমাৰ অসমীয়া লেখকৰ সৰহভাগক কাকতে-পত্ৰই বঙালী ভাষা লেখা