পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতত সোমায়হি দ্রাবিড়ী জাতীয় আৰু সুমেরী। জাতীয় সভ্যতাৰ মাজত সাদৃশ্য আছে। সেইটোরেস্থল প্রাচীনকালত লগা-ভগা থকাৰ চিনাকি দিছে। দ্রাবিড়ীকে শিক্ষা-দীক্ষা আৰু সভ্যতাত তেওঁলোকৰ পিছত ভারতীয় অহা আৰ্যতকৈ হীন নাছিলেই বৰং শ্রেষ্ঠ আছিল । আৰ্যসকলে দ্রাবিড়ী সভ্যতাৰ ভালেখিনি নিজৰ কৰি মে লৈছিল তাত ভুল নাই । মোহনজোদাৰো আৰু হাৰাপ্লাৰ পৰা খানি উলিৱা বস্তুবোৰৰপৰা বুজা যায় যে শিৱপূজাৰ গুৰিত দ্রবিড়ী আৰু শিৱধৰ্ম্ম ভাৰতত সকলোতকৈ প্রাচীন লিঙ্গ আৰু যোনি পূজাকো দ্রাবিড়ীয়েই ভাৰতলৈ আনে মহাভাৰতৰ যুদ্ধৰ কালৰ কামৰূপ দ্রাবিড়ী ৰাজ্য। নৰক সম্ভৱতঃ দ্রাবিড়ী । অতি প্রাচীন কালত কামৰূপ বা প্রাগজ্যোতিষক মহীৰঙ্গ দানৱৰ দেশ বুলিছিল। খুব সম্ভৱ সেই মহীৰঙ্গ বড়োজাতীয় ৰজা আছিল। নৰকে এই বড়ো বংশৰ শেষ ৰজাকে মাৰি নতুনকৈ নিজৰ ৰাজ্য স্থাপন কৰিছিল । নৃতত্ত্ববিদ পণ্ডিতসকলে কয়, আৰ্য আৰু দ্রাবিড়ী একেজোপা গছৰে দুটা ডাল, দুয়ো ককেচীয় কামাখ্যাত যোনি পূজাৰ স্থাপন দ্রাবিড়ী ৰজা । সেইদেখি নৰক কামাখ্যাৰ ভক্ত হোৱাটো আচৰিত কথা নহয় । সপ্তম শতিকাৰ কামৰূপৰ সুবিখ্যাত ৰজা ভাস্তৰবৰ্ম্ম নৰকৰ বংশৰে । নৰকৰপৰা এই সুদীর্ঘকাল নৰকৰ বংশৰ ৰজাই কামৰূপত ৰাজত্ব কৰাটো আচৰিত কথা নহয় – যদিও তেতিয়া কামৰূপ ৰাজ্যৰ আকাৰ আগতকৈ সৰু হৈছিল । কামৰূপৰ ৰজা পূষ্যবৰ্ম্ম, ভাস্কৰবৰ্ম্মাৰ পৰা বাৰপুৰুষ আগত পূৰ্য্যবৰ্ম্মৰ ৰাজত্বৰ কাল ৩৮০-৪০০ খৃষ্টাব্দ বুলি ধৰিব পাৰি। ভাস্কৰবৰ্ম্মাৰ কাল ৬০০-৬৫০ খৃষ্টাব্দ। ভাস্কৰবৰ্ম্ম মধ্যভাৰতৰ সুবিখ্যাত ৰজা হর্ষবৰ্দ্ধন বা শিলাদিত্যৰ সমসাময়িক। হর্ষবৰ্দ্ধনে ৬০৬ খৃষ্টাব্দৰপৰা ৬৪৮ খৃষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। ওপৰৰ কথাবোৰ আমি ৰায় বাহাদুৰ বৰুৱাৰ বুৰঞ্জীৰপৰা তুলি দিছো। আমাৰ পিছৰটো প্রবন্ধত তেওঁৰ বুৰঞ্জীৰ বিষয়ে আৰু দুটা-চাইটা কথা ক’ম | *

  • বাহী দ্বাবিংশ বছৰ, তৃতীয় সংখ্যা, আহাৰ ১৮৫৫ শক