পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাৰতে নষ্ট কৰিছে আৰু ফলং অতোভ্ৰষ্টতোনেষ্টঃ হৈছে। পুৰণি ভাৰতীয় ভেটিত ভাৰতীয় মাল-মছলাৰে পাশ্চাত্য শিক্ষা সভ্যতাৰ ইটা মিলাই তাৰ গাত ভাৰতীয় ছাপ আদি তাক একেবাৰে সম্পূৰ্ণ নিজস্ব কৰি লৈ ভাৰতৰ জাতীয় সভ্যতাৰ সৌধ, জাতীয় উন্নতিৰ হৰ্ম্ম্য গাঁথি লোৱা, ভাৰত উঠিব, নতুবা যোৱা কাল ডোখৰৰ দৰে লফেং কৰি থাকিলে, ভাৰতৰ ভাগ্যত খালি লণ্ডভণ্ড।

       অকল স্কুল আৰু কলেজ ঘৰৰ ভিতৰতহে মনুষ্যত্ব, ব্যক্তিত্ব, আত্মসন্মান, আৰু জ্ঞানৰ সঁজুলি আছে বুলি যাৰ বিশ্বাস, তেওঁক কোনোবাই ধৰি কলীয়া পানীত মেলি থৈ আহিলেও আমাৰ দেশৰ লোকচান নাই। বাহিৰৰ ঘৰ, সমাজ, আৰু দিগন্ত প্ৰসাৰিত মুক্ত প্ৰকৃতিৰে সৈতে ঘনিষ্ঠতা প্ৰত্যেক ছাত্ৰৰ পক্ষে অপৰিহাৰ্য্য যদি সেই ছাত্ৰ আগলৈ মানুহ হব লাগে। কবিবৰ ডক্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰেও এই সত্যৰ দ্বাৰাই অনুপ্ৰাণিত হৈহে বোলপুৰৰ শান্তি নিকেতনত তেওঁৰ বিশ্বভাৰতী নামৰ শিক্ষাকেন্দ্ৰ স্থাপন কৰিছে। প্ৰাচীন কালত শিক্ষাৰ নিমিত্তে ছাত্ৰৰ গুৰুগৃহবাসো এই সত্যৰে অন্তৰ্ভুক্ত।

       শিক্ষকে ছাতৰক উগ্ৰদণ্ড, দাবি, প্ৰহাৰ আৰু পেংলাইৰে শিক্ষা দিয়া প্ৰথাটো যদিও একালত পৃথিৱীত প্ৰচলিত আছিল, তথাপি ভ্ৰমপ্ৰমাদপূৰ্ণ। এই প্ৰথাৰ চাউল উকলি আহিছে; আৰু সি সম্পূৰ্ণৰূপে পৰিত্যক্ত হোৱাটোৱেই উচিত। "Spare the rod and spoil the child" “চেকনিৰ আগত বিদ্যা” নামৰ পূতনাৰ প্ৰাণ শুহি বধ কৰিবলৈ শিক্ষাৰ আমূল পৰিবৰ্ত্তিত নতুন প্ৰণালীৰূপী কৃষ্ণাৱতাৰ হৈছে, আৰু হোৱাটােৱেই ন্যায়নুমোদিত।*


★ বাঁহী, ত্ৰয়োদশ বছৰ তৃতীয় সংখ্যা, আহাৰ ১৮৪৫ শক।

(৩)


মহাত্মা গান্ধীয়ে তেওঁৰ "ইয়ং ইণ্ডিয়া" কাকতত লেখিছিল- "I have laid stress upon Hindu-Moslem unity as one of the most important essential. But it should be no lip unity, nor bania unity, it should be a unity based on a recognition of the heart." ইয়াৰ মানে, মই যে