পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

5R so "A History of Assam" – Erg or কামৰূপৰ বিষয়ে যি অলপ-অচৰপ আছে, সিও নামমাত্র আৰু কেঁচা । গেইটৰ বুৰঞ্জী আহোম ৰাজত্বৰ বুৰঞ্জী বুলিলেই হয় । বৰুৱাদেৱেৰ এই দান অসমীয়াৰ মানত নিশ্চয় বহুমূলীয়া বিবেচিত হ’ব, আৰু তেওঁৰ ঋণ অসমীয়াই সুজিব নোৱাৰে। বুৰঞ্জীৰ বিষয়ত অসম নিশ্চয় কঙাল নহয় । কিন্তু সেই বুৰঞ্জী অসমৰ অৰ্থাৎ প্রাচীন বিশাল কামৰূপ ৰাজ্যৰ ভিতৰৰ পূব ফালৰ সৰু এডোখৰ অর্থাৎ আহোম ৰাজ্যৰহে বৰুৱাদেৱৰ এই বুৰঞ্জীয়ে আমি কামৰূপীয়াৰ অর্থাৎ অসমীয়াৰ লুপ্ত গৌৰৱৰ স্মৃতি জগাই দি মনটো ইমান বহলাই দিলে, যে আমি গ্রন্থকাৰক কি বুলি সমাদৰ কৰিম, তাৰ যোগ্য ভাষা বিচাৰি পোৱা নাই । আমাৰ পুৰণি অসমখন কিমান আহল-বহল, কিমান ডাঙৰ কিমান শক্তিশালী আছিল, সেইবোৰৰ বিষয়ে যদিও ইয়াৰ আগেয়ে চকামকাকৈ অলপ অচৰপ আমি জানিছিলো, আমাৰ সেই জ্ঞান জুকিয়াই পদে-প্রমাণেৰে বহলাই আমাৰে ভিতৰৰ সুযোগ্য অসমীয়া এজনে যে এনেকৈ দিব পাৰিলে, এইটো কথা আমাৰ মনত যিমান খেলাইছে, সিমান গ্রন্থকাৰলৈ আমাৰ শ্রদ্ধা বাঢ়িছে আৰু তেওঁৰ কীৰ্ত্তিত আমি নিজকে গৌৰৱাম্বিত বিবেচনা কৰিছো । আমি বৰুৱা ডাঙৰীয়াক খাটো তেওঁ যেন শীঘ্ৰে ইয়াৰ অসমীয়া ভাঙনি কৰি আমাৰ দেশৰ সকলোবোৰ স্কুলীয়া ছাতৰে পঢ়িব আৰু জানিব পৰাকৈ এখন সৰুকৈ বুৰঞ্জী লেখি ছপা কৰি উলিয়ায় । কাৰণ বৰ অসমৰ পুৰণি তেজৰ স্মৃতি আমাৰ উঠি অহা অসমীয়া ল’ৰা, ছোৱালীৰ গাত সৰুৰেপৰা বোৱাই দি সিহঁতক গঢ়ি তোলাটো বৰ লাগতিয়াল কথা । সিহঁতে জানক যে খৃষ্টজন্মৰ প্রায় এহেজাৰ বছৰৰ আগেয়েও নিম্ন-বঙ্গৰ সৰহভাগ সাগৰৰ তলত আছিল, আৰু উত্তৰ বঙ্গৰ সৰহভাগ প্রাগজ্যোতিষ ৰাজ্যৰ ভিতৰত আছিল কামৰূপলৈ আৰ্য্যৰ সোত পোন বাটে বিদেহ আৰু মগধৰপৰা বৈছিল, নিম্নবঙ্গ সাগৰৰ বুকুৰপৰা ওলাই বসতিৰ যোগ্য হোৱাৰ অনেক কালৰ আগতে । আন নালাগে চতুর্থ খৃষ্টাব্দৰ মাজৰ পৰা দ্বাদশ খৃষ্টাব্দলৈকে, অর্থাৎ প্রায় নশ বছৰ পৌণ্ডবন্ধনৰ পূব আৰ উত্তৰ পৰ্যন্ত নৰক, ভগদত্ত আৰু বজ্ৰদত্তৰ বংশৰ ৰজাৰ তলতীয়া আছিল। গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা বংশৰ ৰজাই এনে দীঘলীয়া ৰাজত্ব কৰাৰ বিৱৰণ অতি কমহে ওলাব স্বৰূপাথতে আজিকালি যাক উত্তৰবঙ্গ বোলে,