পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দীঘল হ’ব । তেতিয়া সেই বেঙেনা পুৰি পকা সৰিয়হৰ তেল আৰু সেই মৰিচ সানি আমাৰ বামুণ, কায়স্থ, আহোম, কৈৱৰ্ত্ত, কোচ, কেওঁট, ৰাজবংশীসকলে ভোজ খাই হৃষ্ট পুষ্ট বলিষ্ট হৈ আইমাতৃৰ সেৱা কৰিব পাৰিব কৈৱৰ্ত্ত ভ্ৰাতাসকলেৰে সৈতে আমাৰ সম্পূর্ণ সহানুভূতি আছে – মুখৰ নহয় অন্তৰৰ । তেওঁলোকে স্বাধীন ইচ্ছা মতে মাছ মাৰক, মাছ বেচক আৰু ধন উপার্জন কৰি নিজৰ সমাজৰ সৰ্ব্বতোভরে মঙ্গল সাধনা কৰি আন আন জাতৰ অসমীয়াৰ সমান হওঁক অথবা আৰু ওখলৈ যাওক । তেওঁলোকক মাছৰ ব্যৱসায় কৰিবলৈ নাইবা &fç* wf superior person zz patronize *f. উপদেশ দিবলৈ নাযাওঁ, যেতিয়ালৈকে আন আন তথাকথিত ওখ জাতৰ মানুহে নিজকে কৈৱৰ্ত্ত বুলিবলৈ ৰাজী নহয় । কাৰণ এওঁলোকৰ অনেকে মাছ মাৰে, পহু মাৰে, বিল ডাকে আৰু আওপাকে মাছ আৰু পহুৰ মঙহ বেচেও ইচ্ছা হয় – মাৰক কৈৱৰ্ত্তই মাছ বেচক কৈৱৰ্ত্তই মাছ । তুমিও মাৰিছা, তুমিও বেচিছ, অথচ মিচা জখলাৰ ওপৰ খাপত ভৰি দি কৈৱৰ্ত্তসকলক হীন চকুৰে চাই অপমান কৰিছ মহাত্মা গান্ধীৰ মতেই আমাৰ মত সমাজত কোনো জাত ওখ নহয়, নীহ নহয় । সেইবোৰ সমাজ-শৰীৰৰ একোটা অঙ্গ মাথোন হাতে ভৰিৰ ওপৰত ভৰিয়ে হাতৰ ওপৰত বৰ মতা নোলালেই ভাল। বৰবৰুৱাই ফতোবা দিছে – “কৈৱৰ্ত্ত ভ্ৰাতাসকলে কৈছে আমি ডোম নহওঁ, কৈৱৰ্ত্তহে । এই কথা ঠিক নহয় । সিবিলাক ডোমো হয় কৈৱৰ্ত্তও হয় আৰু নদীয়ালো হয় । কোনে জানে কাৰ কপালত কি আছে –কোনো বুৰঞ্জীবিদৰ মুখৰ পৰা বামুণৰ কপালতো এনে ফতোৱা পৰিব পাৰে । যথা – তোমালোক বামুণো হোৱা, ভাত-ৰন্ধনিও হোৱা, পুৰোহিতো হোৱা, পূজাৰীও হোৱা, কেতিয়াবা কেতিয়াবা গৰুৰ গাড়ীৰ গাড়োৱানো হোৱা আৰু কিবা বোলে আনজাতৰ কোনো মানুহৰ খং উঠিলে সেইজনৰ মুখৰ পৰা ওলোৱা বিটলিয়াও হোৱা । Sensitive শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়াই ৰায়চাহাব গোবিকাবল্লভ গোস্বামীৰ নিচেই সৰল কথাষাৰৰো প্রতিবাদ কৰি নিজৰ বুৰঞ্জীৰ জ্ঞানপ্রকাশ কৰি কৈছে –গোস্বামী আন উচ্চশ্রেণীৰ হিন্দুক তেওঁলোকৰ পঙ্কান্ন গ্রহণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কৰাব নোৱাৰিলে । এনে অর্থ কৰিবলৈ গ'লে আহোম শাসন প্রণালীত লগুণ পিন্ধাই ব্রাহ্মণ কৰিলেও উচ্চশ্রেণীৰ হিন্দুক পক্কায় খুৱাবলৈ চেষ্টা কৰা নাছিল।" ইত্যাদি কৈ উচ্চশ্রেণীৰ আহোম ডাঙৰীয়াৰ আৰু আহোম ৰজাৰ চাওত