পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৈৱৰ্ত্ত সকলৰ সৰ্ব্বতোভাবে মঙ্গল কামনা কৰোতা বৰবৰুৱাদেৱেই সেই হলাহল ফেৰা দেখেনগিলি থ’ব পাৰে। অর্থাৎ পুৰণি ভেকুবাবুৰঞ্জীৰ পাত মেলিজয়ধ্বজ ৰজাৰ দিনত কোনে কি কৰিলে সেইবোৰ নুলিয়াই বুৰঞ্জীৰে সৈতে বুৰঞ্জীৰ পাতত জাহ যাবলৈ দিব পাৰে। সৰহ কথাৰ সকাম কি, বৰবৰুৱাদেৱে যদি সঞ্জয়ৰ বৰসবাহ আৰু তাৰপৰিণাম সঞ্জয়ৰ বুকুত কুঠাৰ মৰা স্বৰ্গদেৱৰ অক্ষয়কীৰ্ত্তিৰ কথা মথি নুলিয়াহেতেন, আজিকালিৰ সৰহ ভাগ মানুহে নাজানিলেহেঁতেন। আমিও নাজানিলোহেঁতেন । পুৰণি কথা ঘুটি নুলিয়ালে সি কালক্ৰমত মৰি নিশ্চয় যায় ভাষাৰ কত শব্দ অব্যৱহাৰত মৰিছে। সমাজৰ কত ৰীতি সেইদৰে লোপ পাইছে। ডোম শব্দটোও সেইদৰে লুপ্ত হ’ব –যদিও দুজন এজন বুৰঞ্জীৰ পোকে তাতে কামুৰি থাকি সুখ পাব পাৰে। বৰবৰুৱাই কৈছে –“কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই ৰাজমন্ত্রী হৈ থাকেতে নিজ বংশৰ জলমবটা নামটো গুচাবলৈ দেশৰ বুৰঞ্জীকে পুৰিলে । তথাপি সেই নাম নুলুকাল।” আমি কওঁ নোপোৰাহেঁতেন সোনকালে লুকালহেতেন, পুৰি বিজ্ঞাপন দিয়াৰ দৰে হোৱাতহে যদি নুলুকাল নুলুকাল। তথাপি কওঁ, কীৰ্ত্তিচন্দ্রক কীৰ্ত্তিচন্দ্ৰ বুলিহে তেওঁৰ সুকীৰ্ত্তিয়ে তেওঁক যদি জীয়াই ৰাখিছে। জলমবটা বংশৰ যে তেওঁ, সেইটো ৰাইজে নাজানেও আৰু জানি মনত ৰাখিবৰো আগ্রহ নকৰে । আগ্রহ থাকিব পাৰে বুৰঞ্জীৰ পোকৰ । কিন্তু তেনে পোক দুইচাৰিটাহে। তথাপি বৰবৰুৱা হিতেশ্বৰ ডাঙৰীয়াই কৈছে – যদি আৱশ্যক হয় আমিও পুনৰ কীৰ্ত্তিচন্দ্ৰ অৱতাৰ ধৰি সেই বুৰঞ্জীকেইখন পুৰি পেলাবলৈকো ৰাজী আছে । আমি কওঁ এইটো অতি সুন্দৰ উদ্যমৰ প্রস্তাৱ পোৰক, by all means পোৰক তাৰ ফলত ডোম নাম লোপ পোৱাৰ risk আমাৰ কৈৱৰ্ত্ত ভ্ৰাতাসকলে নিশ্চয় ল’ব । আপুনি তেনে বিহৰ কাইট থকা বুৰঞ্জীকেইখন বুকুত বান্ধি লৈ আৰু মাজে মাজে তাক মথি আমাৰ এমুঠি অসমীয়া শতধা বিদীণ” সমাজত তাৰচিটিকনি পেলাব নালাগে সময় আৰু শিক্ষাই অসমীয়াৰ মন উদাৰ কৰি আনিছেআৰু আনিবও আৰু সকলো অসমীয়াই তেওঁলোকৰ শৰীৰৰ এক অংশ কৈৱৰ্ত্তসকলক সন্মান আৰু শ্রদ্ধা কৰিবলৈ নিশ্চয় শিকিবও বোলো, বৰবৰুৱা ডাঙৰীয়া, পোৰক ! পোৰক ! বেলি নকৰিব । বিলম্বে কাৰ্য্যনাশ। পুৰিলে তাৰ ছাইবোৰ আমি জাতীয় একতাৰ বৰবেঙেনা গছৰ আৰু জলকীয়া গছৰ গুৰিত দিলে বৰবেঙেনা একোটা আঢ়ৈসেৰীয় তিনি সেৰীয়া হব। মৰিচ এবেগতীয়