পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাই মাছ মাৰি ফুৰিছে । কতবাৰ তেওঁলোকৰ জাল পানীৰ তলত লাগিছে, কতবাৰ তেওঁলোকৰ এৰুৱাইছে আৰু তেনে কৰোতে কতবাৰ তেওঁলোকৰ কোনো কোনো দৈবাৎ পানীত ৰুৰি মৰিছে। লুইতৰ ৰজাৰ গাত তেওঁলোকৰ হাত কেতিয়াও লগা নাছিল নে ? তাৰ বাহিৰে—যাওক এই বর্ণনাৰদ্বাৰাই আহোম বৰপাত্র কনচেঙ্গৰ কি গৌৰৱ বাঢ়িল কোনে আমাক কব? বেচেৰা কৈৱৰ্ত্তজনে জাল এৰুৱাবলৈ গৈ বুৰি মৰিল । তাৰ পুৰস্কাৰ এনে গালি আৰু অপমান । বঙ্গদেশতো কৈৱৰ্ত্ত আছে ৷ একালত তেওঁলোকৰ এখেল-মাহিষ্য কৈৱৰ্ত্ত বঙ্গদেশৰ কোনো কোনো বিভাগৰ ৰজা আছিল। অসমতো যদি কোনো ঘটনাচক্ৰত তেওঁলোকৰ তেনে ৰাজ্যলাভৰ অৱস্থা হ’লহেঁতেন তেন্তে তেওঁলোকৰ ফালৰ বুৰঞ্জী লিখকেও আন অসমীয়াৰ সম্পর্কে এনে অপমানজনক কথা তেওঁৰ বুৰঞ্জীত লিখি অকৈৱৰ্ত্তক এনেকৈ লঘু কৰিলেহেঁতেন যদি কোনে সেই বুৰঞ্জী প্রণেতাৰ হাতত ধৰিলেহেঁতেন । বৰবৰুৱাই তেওঁৰ বুৰঞ্জী সংগ্ৰহৰপৰা তুলি দিয়া আৰু এডোখৰ আমি ইয়াত তুলি দিওঁ । “জয়ধ্বজসিংহৰ দিনত বৰহটীয়া সঞ্জয় ডোমে ঘৰৰ ভেটিলৈ মাটি তোলোতে ধন পালে । পাছে দহখন ৰভা দি পৃথকে পৃথকে প্রজা একাকাৰ হৈছিল। পাছেমহাৰাজা সেই কথা শুনি সঞ্জয় ডোমক নি কুঠাৰেৰে বুকু ছিৰি মাৰিলে । ডোমৰ সবাহ খাবৰ শুনি বহুতক দাই ধৰিলে,তাতে চিৰিংডাঙ্গৰ আৰু বৰগোহাই পৰিয়ালো কতো পৰিলে, ৰেৱতীয়া আহোমো পৰিলে । সেইদিনৰ পৰাহে ডোমৰ সবাহ খাবলৈ কোনো নাযায়, কেৰাহি কৰিও নাচায় ।” এতিয়া আমি সোধো বৰবৰুৱা ডাঙৰীয়াই তেওঁৰ বুৰঞ্জী সংগ্রহসিচি এই সংবাদৰত্নটি উলিয়াইকাৰ কি উপকাৰ কৰিলে!উপকাৰতোদূৰৰ কথা অপকাৰ বিস্তৰ হ'ল। প্রথমতে কৈৱৰ্ত্তসকলৰ ক্রোধ আৰু ঘৃণাৰ উদ্রেক দ্বিতীয়তে আহোম আৰু অমানুষিকতাক ই বঢ়িয়াকৈ চকুত আঙুলি দি দেখুৱাই দিলে বৰবৰুৱা বৰ সচকিত যাতে আহোম শাসনত কলঙ্কৰ চেকা নপৰে। তেওঁৰ প্ৰবন্ধৰ এঠাইত তেওঁ কৈছে -"এনে অর্থে কৰিবলৈ গ'লে আহোম-শাসনপ্রণালীত এটা মহৎ কলঙ্কৰ চেকপৰে "কিন্তু ওপৰত তেওঁ উদ্ধৃত কৰা কথাকেইফাকিয়ে সেই কাৰ্য্য কৰিবলৈ কি বাকী ৰাখিলে ।