সেইবোৰ অন্ধকাৰ গহ্বৰৰ পৰা ডোম কৈৱৰ্ত্ত ইত্যাদিৰ ব্যাখ্যা বাহিৰ কবি আমাৰ সমাজ-শৰীৰৰ এটা প্রধান অঙ্গল মন বিকল কৰাটো সচা। সেইটো মই তেওঁৰ পদস্খলনকে বুলিছে । হিন্দুসমাজত হেঁচা খাই থকাসকলৰ গাৰপৰা হেঁচা গুচাই তেওঁলোকক অপ্রতিহত গতি দি আনসকলৰে সৈতে মিহলি হৈ গোটেই অসমীয়া সমাজ-শৰীৰত ৰক্তৰ চলাচল কৰিবলৈ দিয়াটোৱেই মহাত্মা গান্ধীৰে পৰা আৰম্ভ কৰি সকলো শিক্ষিত দূৰদৰ্শ উদাৰ মনৰ মানুহৰ প্রধান প্রয়াস আজিকালি হৈছে। এনেস্থলতকৈৱৰ্ত্তসকলক যে আহোম ৰজাসকলৰ দিনত ডোম বুলি অধস্কৃত কৰি অত্যাচাৰ কৰা হৈছিল (unauthorized) বুৰঞ্জী নামৰ খনচেৰেক পুথিৰপৰা সেইবোৰ উলিয়াই দি কৈৱৰ্ত্তসকলৰ মনত মৰণান্তিক কষ্ট দিয়াটো তেওঁৰ পক্ষে সজ কাৰ্য হৈছেনে ? যদি বুৰঞ্জীৰ কথাবোৰ সত্য আমি অতি দুখিত হৈ আমাৰ পুৰণি পূৰ্ব্বপুৰুষসকলৰ অন্যায় অপকৰ্ম্মৰ নিমিত্তে যথোচিত প্রায়শ্চিত্তহে কৰা উচিত,আৰু সেই কলঙ্কৰ কথাবোৰ পাহৰিবলৈ দি আমাৰ সমাজৰ এটা অঙ্গ কৈৱৰ্ত্তসকলৰ ওচৰত ক্ষমা প্রার্থনাহে কৰা উচিত বৰবৰুৱা ডাঙৰীয়াই ভাবি চোৱা নাই নে যে তেওঁ তেওঁৰ হস্তগত বুৰঞ্জীৰ পৰা যিকেইডোখৰ তুলি দিলে তাৰ দ্বাৰাই কৈৱৰ্ত্তসকলৰ ভয়ানক মনকষ্টৰ বাহিৰে আৰু এটা ডাঙৰ কথা ফটফটীয়াকৈ প্রমাণ হৈছে। সেইটো হৈছে আমাৰ আহোম ৰজাসকলৰ অবিচাৰ,অত্যাচাৰ,নৃশংসতা আৰু অতি জঘন্য নিষ্ঠুৰতা আহোম ৰজাসকলৰ দুগুণৰ অনেক কথা আমি শুনি আহিছিলো আৰু সুগুণৰ কথাবোৰহে উলিয়াই লৈ তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ তেওঁলোকক মনত ৰাখিব পানীত বিসর্জন দিব লাগে বুলি জানো এনেস্থলত সত্যৰ অনুৰোধ বুলি জাবৰ আৰু মলিবোৰ উজাৰি উলিয়াবলৈ যোৱাটাে ভালনে এখন বুৰঞ্জীৰপৰা বৰবৰুৱাদেৱে তুলি দিছে “একদিন ৰজাই মাছ মাৰিবলৈ যাওঁতে লুইতত জাল লাগিল। ডোমে বুৰ দিলে। ডোমক নোলাবৰ দেখি কনচেঙ্গ বৰপাত্রে নিজে বুৰ দিলে বৰপাত্রে দোৱানৰে তুতি কৰিলত তুষ্ট হৈ লুইতৰৰজাই জাল এৰুৱাই দিলে বােলে মোকডোমেম্বৰলৈ আহে তাতেহে তাক মাৰি থৈছে ।" বুৰঞ্জীলিখকৰ এইসিদ্ধান্তৰ এইবৰ্ণনাভঙুৱাৰসিদ্ধান্ত বা বর্ণনাৰ শাৰীৰ যদি কনচেঙ্গে পানীৰপৰা ওলাই এইদৰে কৈছিল, তেন্তেবুদ্ধি বিদ্যা সত্যবাদিত আৰু অসংকীর্ণাৰ বাবে তেওঁৰ ডিঙিত জয়মাল পিন্ধাব লাগে আৰু বুৰঞ্জলিখকে পিন্ধাই থৈছেও দিন-ৰাতিয়ে কৈৱৰ্ত্তসকলে লুইতত জাল
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩০
অৱয়ব