পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

টৰ্পিডো, বিষাক্ত গেছ ইত্যাদি। সমগ্ৰ মনুষ্যজাতিৰ ফলীয়া হৈ এই পৃথিৱীত কোন মহাবীৰ মহাপুৰুষ কেতিয়া ওলাব, যি স্বদেশ-প্ৰেমিক নামৰ এই বৈজ্ঞানিক পণ্ডিতবোৰৰ বিষ দাঁত ভাঙি দি পৃথিৱীত বিশ্বজনীন মনুষ্য-প্ৰীতি স্থাপন কৰিব?

***

       “শিক্ষা” আৰু “শিক্ষিত” এই দুটা লৈ আমি আজিকালি বলিয়া। দুখৰ বিষয় দুইটা কথাৰ ভুল বা এধাডুখৰীয়া ভুল মানে আমি বুজি থৈছোহঁক। আমি শিক্ষা মানে বুজোঁ মাথোন ইংৰাজী স্কুল-কলেজত পঢ়া বিদ্যা আৰু শিক্ষিত মানে তাত পঢ়ি “পাছ” কৰি বি-এ, এম-এ হোৱাটোকে ঘাইকৈ। যি শিক্ষাৰ ফলত আমাৰ মনুষ্যত্ব আৰু আত্মসন্মান সাৰ পাই নুঠে, ধৰ্ম্ম, নীতি আৰু ন্যায়ৰ সুগন্ধ ফুল হৃদয়ত ফুলি নুঠে, সেই শিক্ষা আচল নামৰ যোগ্য নহয়। অৱশ্যে ইংৰাজী বিদ্যা শিকি, ইংৰাজী শাস্ত্ৰত পাৰ্গত হৈ বি-এ, এম-এ, “পাছ” কৰিলে যে ধৰ্ম্ম, নীতি, ন্যায়, আত্মাসন্মান, আৰু মনুষ্যত্বৰ উন্মেষ মানুহৰ মনত নহয় বা বা হ,ব নোৱাৰে এনে কথা আমি কোৱা নাই। কিন্তু এই প্ৰধান অঙ্গকেইটাৰ ফালে সম্পূৰ্ণৰূপে চকু নাৰাখি, এইবোৰক গৌণ স্থান দি জীৱিকা উপাৰ্জ্জন, আৰু ডাঙৰ চাকৰি ইত্যাদি কেতবোৰক মুখ্য স্থান দিহে আমি বিপাঙে মৰিছে। শিক্ষিত বুদ্ধিমান অনেক বি-এ, এম-এক ওপৰত দিয়া শিক্ষাৰ অঙ্গকেইটা বিৰহিত দেখা যায়। এইবাবেই অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিবেশনৰ নাৱৰ, এই লেখকক গুৰি ধৰিবলৈ মাতোতে, লেখকে তেওঁৰ অভিভাষণত ঈশ্বৰ আৰু ধৰ্ম্ম-বিশ্বাসৰ বিষয়ে এবকলা গাইছিল যদিও সেইছোৱা সেই সময়ত অনেকৰ মনঃপুত নোহোৱাটো তেওঁ জনা নাছিল।

       ভাৰতৰ চিৰ সনাতন অথচ চিৰ নতুন, পুৰণি আধ্যাত্মিক আদৰ্শত ভাৰতীয় ছাতৰ যে গঠিত হ'ব লাগে তাত আমাৰ এক “ধনিষ্ঠামানো সন্দেহ নাই। পুৰণি ভাৰতীয় আধ্যাত্মিকতাৰ ভেটিত নতুন প্ৰাচ্য প্ৰতীচ্যাৰ মহলি মাল-মছলা হওক হানি নাই, বৰং তাৰ দ্বাৰাই সেই অট্টালিকা সুশ্ৰী আৰু সুগঠিতহে হ'ব। কিন্তু ভাৰতৰ নিজস্ব ব্যক্তিত্ব আৰু সনাতন আদশ পৰিহাৰ কৰি একেবাৰেই পাশ্চাত্য আদৰ্শত ভাৰতক গঢ়িবলৈ গ’লেই ভাৰত কিম্ভুত-কিমাকাৰ। তেনে কৰিহে আজি প্ৰায় এশ ডেৰশ শতিকা