পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুখ খুলি কৰিব নোৱাৰি। কিন্তু সেই কথাবোৰৰ প্রতিবাদে মোৰ ফুলট উখহাই মোক মাৰিবলগীয়া কৰিলে উপায় । ঘৰতে বহি বুৰঞ্জী লিখি তাৰ জ্বালা মৰাটো আমাৰ আহোম ৰজাসকলৰ দিনত এনে হৈ শেহত বুৰঞ্জীৰ অপব্যৱহাৰ ইমানকৈ হৈ পৰিছিলগৈ, যে বৰবৰুৱা কীৰ্ত্তিচন্দ্রই অগনিৰ পৰশুকুঠাৰ ধৰি তাক তেওঁৰ সাধ্যমতে নিৰ্ব্ববুৰঞ্জী কৰিবৰ চেষ্টা কৰিছিল । পৰশুৰামে একৈশবাৰ তেনেকৈ নিক্ষত্রিয় কবিবৰ চেষ্টা কবিও ক্ষত্ৰিয়ৰ পুলি-পোখাসমূলঞ্চে বিনাশ কৰিব নোৱাৰিলে অন্তত ক্ষত্রিয় সন্তান শ্ৰীৰামচন্দ্ৰৰ হাতত পৰশুৰামৰ পৰাভৱ । সেইদৰেই বুৰঞ্জীৰ বিৰুদ্ধে অভিযান কৰোতা কীৰ্ত্তিচন্দ্রও আংশিকৰূপে বিফল হ’ল । তথাপি তেওঁৰ দ্বাৰাই বুৰঞ্জীৰ অনেক কেয়াবন যে নিৰ্ম্মল হ’ল তাত সন্দেহ নাই । বুৰঞ্জী ভাল পদার্থ কিন্তু তাৰ অপব্যৱহাৰত ভাল নহয়। ভাত ভাল পদার্থ,কিন্তু তাৰ অপব্যৱহাৰত অগ্নিমন্দ্যি ভোবোকাৰ ডাঢ়িগোফ, জপৰা চুলি কাটি-কুটি খুৰাই চাচি নিয়মীয়া কৰি ৰখাটোৱেই শোভন কাৰ্য ৷ সেইদেখি কীৰ্ত্তিচন্দ্রই একপ্রকাৰে ভালকে কৰিছিল বুলি আমাৰ বিশ্বাস । বুৰঞ্জী সংগ্ৰহ কৰি বুৰঞ্জী পঢ়িবিজ্ঞ হৈবুৰঞ্জী লিখিবলৈ অভিলাষ কৰোতাসকলে দহখন বুৰঞ্জীৰ কথা মিলাই চাই ৰিজাই তাৰ সাৰ সংগ্ৰহ কৰিহে প্রকাশ কৰে | নিন্দা, কলঙ্ক আৰু ক্ষুদ্রমনৰ কথাবোৰ পৰিত্যাগ কৰি সেইবোৰক আলিবাটৰ কাষত কুকুৰ পৰি মৰি থাকিবলৈ দিয়াদি মৰিবলৈ এৰি দিয়ে। সত্য”সতা”বুলি সেই কলঙ্কৰ কথাবোৰ তুলি আনিবজাৰত পোহৰ দিয়াটো ভুল । কোনো কথা সত্য হ’লেও যদি তাৰ দ্বাৰাই সমাজৰ দুৰ্ঘোৰ অনিষ্ট হয়, আৰু যদি তেনে সত্য পাহৰণিৰ পেটত থকাইহে যুগুত, তেন্তে তেনে সত্যক resurrection of পুনর্জন্ম বিবেচকে নিদিয়ে | সিদিনা extremist অর্থাৎ চিন্তাত আৰু কাৰ্য্যত অতিচাৰ এজনে কৈছিল “কি কুক্ষণত শ্ৰীযুতহিতেশ্বৰবৰবৰব ডাঙৰীয়াৰ হাতত পুৰণি হাতেলিখা বুৰঞ্জী কেইখনমান গেট খালেকব নোৱাৰো মই যদি কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা হলোহেঁতেন সেই কেইখন আনি তাৰ কাঠ-সংস্কাৰ কৰিলোহেঁতেন।" মই তেওঁক উত্তৰ দিলে-“তোমাৰ কথা বঢ়াবঢ়িব কথা যোগ লোকৰ হাততে বুৰঞ্জীকেইখন পৰিছে। তেখেত সাহিত্যিক কবি আৰু বুৰঞ্জীবিজ্ঞ প্রবীণ লোক তেখেতে সেইবোৰৰপৰা বহলাইছে আৰু বহলাব । অৱশ্যে কিবা এটা কুক্ষণত তেওঁ