কুতকী পণ্ডিতে দোষে নানা দেৱতাক । গ্রহে পীড়ে দৈবজ্ঞৰ জ্যোতিষে প্রমাণ । মীমাংসীসকলে বোলে কৰ্ম্মেসে প্রধান । লোকবৰ্ত্তী শাস্ত্রত স্বভাৱ ইটো কয় । যাৰ যেন মতি কহে নাজানে নিশ্চয় । একান্ত ভকতে কহে হেন অভিপ্রায় । মিলে সুখ দুঃখ আসি ঈস্বৰ ইচ্ছায় । তত্ত্ব নাপাই কহে সবে যাৰ যেন মতি । কৰিয়োক বিমৰিষা আপুনি নৃপতি । হেন শুনি পাইলা ৰাজা মনত বিচাৰি । জানিলো এহেন্তে ধৰ্ম্ম বৃষৰূপধাৰী । এতেকেসে পৰ পাপ নকৰে বিদিত । কহে যিটো হোৱে সিটো সেই পাপচিত।” হে ধৰ্ম্ম কেনেভৈল তোমাৰ বিষাদ । ভাঙ্গিলেক তপ, শৌচ দয়া তিনিপদ | কেৱলে আছয় মাত্র সত্যনাম ভৰি । তাকো ভাঙ্গিবাক চাহে কলি দণ্ড ধৰি । ধেনুৰূপ জানিলো এহেন্তে বসুমতী । কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল অতি ৷ এইডোখৰ আমি শ্ৰীশঙ্কৰদেৱে পদ কৰা প্রথম স্কন্ধ ভাগৱতৰ পৰা তুলিলোঁ। সেই সময়ত হিন্দুৰ ধৰ্ম্মপ্রিয়তা আৰু সত্যৰ সম্পর্কে কেনে ওখতকৈও ওখ ধাৰণা আছিল, ওপৰৰ কথাই কেনে সুন্দৰকৈ প্রমাণ কৰে । "এতেকেসে পৰপাপ নকৰে বিদিত । কহে যিটো হোৱে সিটো সেই পাপ চিত।" কি ওখ শাৰীৰ ধাৰণা ! আজি তেৰবছৰ হ’ল, ৰুছিয়াত জাৰৰ ৰাজত্বৰ ঠাইত বলছেভিক ৰাজ্যশাসন প্রণালীস্থাপিত হৈছে।এইশাসনপ্রণালী কি আমি ভালকৈ ধাৰণা কৰিব পৰা নাছিলো যুৰোপীয় লেখক আৰু বক্তাসকলৰ সৰহভাগে তেওঁলোকৰ লেখাত আৰু বক্তৃতাত বলছেভিকৰ বিষয়ে কেনে বর্ণনা দিয়ে শুনি আমাৰ পেটতে হাত-ভৰি লুকায়। কোনো কোনো বর্ণনাৰ পৰা এনে ধাৰণা হয় যে বলছেভিক গৱৰ্ণমেণ্ট ঠিক যেন ভূত-প্ৰেতদানহ বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ অলপতে ৰুছিয়ালৈ গৈছিল। সিদিন বঙ্গলা প্রবাসী কাকতত বলছেভিজোমৰ বিষয়ে তেওঁৰ এখন চিঠি পঢ়িলো। তাৰ পৰা আষাৰচেৰেক চমুকৈ তুলি দিলে :