পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

"মহা ভকতৰ পৰম আশ্রয় ভগৱন্ত আত্মাৰাম । যিটোজনে এক শৰণ ধৰিয়া সুমৰে তাহাৰ নাম । সেহি ভকতৰ যদি নাম লৱে চণ্ডালো হোরে পবিত্র ।” + * -: অন্ত্যজ সুতে নৈমিষাৰণ্যৰ ঋষি সত্ৰত ষাঠি হাজাৰ বিদগ্ধ পণ্ডিত ব্রাহ্মণ ঋষিৰ আগত ব্যাসৰ আসনত বহি ধৰ্ম্মেপদেশ দিছিল । সুতে ঋষিসকলক কৈছিল – একোৰো নুহিকে কাজী । তুমি সব মহা জ্ঞানীৰ সাদৰে সাফলিলো জন্ম আজি । আমি অন্ত্যজাতি হেন মনদুখ, আবেসে মোৰ গুচিল । তুমি সব মহা জনে কৃষ্ণ কথা যিহেতু মোত পুছিল ।” শ্ৰীৰামচন্দ্রই গুহক চণ্ডালক আকোৱাল মাৰি ধৰি খাইছিল। ওখ ৰজাৰ ল’ৰা ক্ষত্রিয় জাতৰ বুদ্ধদেৱে নীহ কুলীয়া মানুহৰ ঘৰে ঘৰে গৈ ধৰ্ম্মোপদেশ দি ফুৰিছিল। ৰামানুজে নিজ গুৰুৰ আজ্ঞা অমান্য কৰি জাতিবর্ণ নিৰ্ব্বিশেষে শিষ্য কৰি সেই সকলক মন্ত্র দিছিল । নানক, কবীৰ, গুৰুগোবিন্দ, দাদুৱে সৰু-বৰ সকলো জাতৰ মানুহক সমানভাৱে ধৰ্ম্মোপদেশ দান কৰিছিল । আমাৰ শ্ৰীশঙ্কৰদেৱে গাবো, ভোট যৱনকো শিষ্য কৰি ওখ আসন দি গৈছে। ঘোষাত তাবে ইঙ্গিত মাধৱদেৱে দিছে – "গাৰো ভোট যৱনে হৰিৰ নাম লৱে ।” ঈশ্বৰৰ ৰাজাত জাতিভেদ নাই | সকলো ঈশ্বৰ বিশ্বাসী সদাচাৰী মানুহে ঈশ্বৰৰ পৱিত্ৰ ধামত প্রবেশ কৰিব পাৰে। গীতাত এই কথাকে দঢ়াই দঢ়াই কৈছে । এতেকে আহা আমি সকলোৱে গাওঁ---