পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাখিহে নিজক চলোৱা উচিত, মাদ্রাজ আৰু আৰবৰ ফালে নহয় । ধৰ্ম্ম বস্তুটো যি ফালৰ পৰা আহক, সি আপুৰুগীয়াভাৱে মছজিদ মন্দিৰৰ আৰু নামঘৰৰ থাপনাত থাকি সেই ধৰ্ম্মাৱলম্বীসকলক পৰকালৰ বিত্তস্বৰূপে ধন কৰি ৰখাই হে তাব কাম, নিজৰ দেশ, মাতৃভূমি আৰু ভাই ভাইৰ লগত ব্যৱহাবৰ সময়ত সেইসকলে অনাহকতে পলাই আহি বাধা-বিঘিনি জন্মোৱাটো উচিত নহয় ৷ সি অন্তৰৰ বিত, অন্তৰতম পুৰুষৰ বস্তু । সকলোৰে পিতা ঈশ্বৰে কিছুমানক গুৰিৰেপৰা অন্ত্যজ কৰি পঠিৱা নাই, আৰু বাকীবোৰক ওপজাৰেপৰা ওখ কৰিও পঠিৱা নাই । মানুহৰ সামাজিক চাকনৈয়াত পৰিহে তেনে ঘটিছে। ঈশ্বৰৰ প্রেৰিত মহাপুৰুষসকলে, এই কথা সদায় নিজৰ কাৰ্য আৰু কথাবে কৈ আহিছে। এই এছিয়া মহাদেশত জৰথুষ্ট, খৃষ্ট আৰু মহম্মদৰ জন্ম। মনুষ্য-সমাজৰ নিমিত্তে তেওঁলোকৰ বাণী কি ? এছিয়াৰ ভিতৰৰ ভাৰততে উপনিষদ শাস্তুবোৰৰ উদ্ভৱ উপনিষদে উচ্চকণ্ঠৰে সকলোকে কি কয় ? কয় – "শূস্বস্তু বিশ্বেহমৃতস্য পুত্ৰা”! অর্থাৎ সকলোকে সম্বোধন কৰি কৈছে যে অমৃতপুৰুষৰ পুত্ৰসকল! মানুহ মাত্ৰকতে অমৃতপুৰুষ ঈশ্বৰৰ সন্তান। সেই পুৰুষৰ সন্তানৰ ভিতৰত জন্মগত ওখ, সৰু, ডাঙৰ, নীহ নাই। মানুহৰ দ্বাৰাই কৃত সামাজিক আচাৰ-ব্যৱহাৰত হে ওখ নীহ হৈছে । অনাচাৰ এৰি সদাচাৰত প্রবৃত্ত হ’লে, নীহকুলৰ জনৰো ওখ হ’বৰ অধিকাৰ আছে। শ্ৰীমদ্ভাগৱত প্রথম স্কন্ধৰ পদৰ আৰম্ভতে আমাৰ পৰম গুৰু শ্ৰীশঙ্কৰদেৱে কৈছে – নমো নমো মধু মূৰ ৰিপু মহা হৰি । অন্তজো উত্তম অতি হোৱে যাক স্মৰি ।" সদাচাৰী হৈ ঈশ্বৰৰ নাম-গুণ শ্ৰৱণ কীৰ্ত্তন কবি ভক্তি-পন্থক আশ্রয় কৰিলে নীহ জাতিৰ মানুহে ওখ জাতিতকৈয়ো শ্রেষ্ঠ হয় । সেই প্রথম স্কন্ধ ভাগবততে নাৰদে ব্যাসক কৈছে – উদ্ধাবাহু কৰি হেৰা কৰো অঙ্গীকাৰ । অধম জাতিতে যদি জন্ম ভৈল তাৰ । জ্ঞানীতে কৰ্ম্মতো কৰি তথাপি অধিক । দেৱৰো বন্দনী সিটো ভকতিৰসিক।" - - -