পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰে সি স্পষ্টকৈ প্রমাণ কৰে যে সেই সময়ৰ বেবিলন আৰু ইজিপ্টৰ সামাজিক সভ্যতাতকৈ ভাৰতীয় সামাজিক সভ্যতা শ্ৰেষ্ঠ আছিল। খৃষ্টপূৰ্ব্ব ৭০০চনত পঞ্জাবৰ তক্ষশিলাত অতি ওখ খাপৰ সভ্যতাৰ অস্তিত্ব আছিল । খৃষ্টপূৰ্ব্ব ৩২৩ চনত যেতিয়া আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰিছিল, তেতিয়া তেওঁৰ বুৰঞ্জী লেখক মেগেস্থেনিছ আচৰিত হৈ পৰিছিল, গ্ৰীছৰ দৰে ভাৰতৰ সভ্যতা দেখি। অথচ সেই সময়ত গ্ৰীছৰ সভ্যতাই মূধচ পাইছিলগৈ । বুদ্ধদেৱৰ সময়পৰা চন্দ্রগুপ্ত, অশোকৰ সময়লৈকে আৰু দক্ষিণৰ বিজয় নগৰ আৰু উত্তৰৰ আকবৰৰ দিনলৈকে ভাৰতত ওখ শাৰীৰ সভ্যতা, জ্ঞান, বিদ্যা, ঐশ্বর্য আদি থকাৰহে বুৰঞ্জীয়ে সাক্ষী দিয়ে । বৃটিছৰ হিলৈয়ে যি সভ্যতাৰ কণকঠীয়া মাৰিলে, সেই সভ্যতাই বুদ্ধৰপৰা গান্ধীলৈকে, বেদ আৰু দর্শনৰে পৰা আৰম্ভ কৰি ভাৰতৰ ভিতৰত আৰু ভাৰতৰ বাহিৰত ছপেনহাৱাৰ, এমাছন, থৰো, বগছন, কেইছলিং প্রভৃতিক জন্ম দি আহিছে । ওপৰত নাম দিয়া যুৰোপীয় আৰু আমেৰিকানসকলে ভাৰতীয় জ্ঞান আৰু ভাবৰ ঋণ স্বীকাৰ কৰিছে । ভাৰততে মহাভাৰত আৰু ভগবদগীতাৰ জন্ম। ভাৰততে তাঞ্জেীৰ,ইলোৰা,আগ্রা, দিল্লীৰ কাৰুকাৰ্যৰ উৎপত্তি। এইবোৰ সভ্যতাৰ জখলাৰ তল খাপত থকা মানুহৰ তল খাপৰ কীৰ্ত্তি নহয়। বৰং পৃথিৱীৰ সুসভ্য কীৰ্ত্তিকলাপহে। ১৮৩০ খৃষ্টাব্দত বৃটিছে আগ্রা দুর্গ আক্রমণ সেই অপৰূপ সুন্দৰ বস্তুটিৰ ৰক্ষাৰ নিমিত্তে ভাৰতীয়সকলে বৃটিছৰ ওচৰত আত্মসমপণ কৰিলে। তেন্তেকাক সভ্য বোলা যায় ? বাতৰি কাকতত দেখিলে যে আমাৰ অসমৰ কোনো বুলি লেখাবলৈ ব্যস্ত হৈ পৰিছে। কাৰণটো কি তেওঁলোকেহে জানে মই কওঁ, মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱৰ কুপাত অসমত “ডিপ্ৰেছড় ক্লাছ’নাই আজি যিসকলে সেই শ্রেণীত নিজক ভৰ্ত্তি কৰিবলৈ খদমদম্ লগাইছে তেওঁলোকে ভালকৈ নাজানে যে দক্ষিণ ভাৰতত ঘাইকৈ মাদ্রাজত ডিপ্ৰেছড্ ক্লাছ কোন আৰু সেই শ্রেণীৰ মানুহৰ কি দুৰৱস্থা ৷ অসমত মহাপুৰুষীয়া ধৰ্ম্মৰ বলত নীহ জাত আৰু ওখ জাতৰ ভিতৰৰ ব্যৱধান অতি কম কালত সিয়োনাইকিয়া হব;আৰুনাইকিয়া হৈ পৰিবৰ কালো চেকুৰি আহিব লাগিছে । এনে স্থলত তেওঁলোকে অনাহকতে ডিপ্রেছড়কাছৰ চাব গাত মাৰিবলৈ গৈছে কিয় ক’ব নোৱাৰো, অসমীয়াই অসমৰ ফালে চকু