পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিজ মাতৃভাষা ব্যৱহাৰ কৰিছিল, আৰু সেই তৃতীয় ডোখৰ কালৰ ৰচনাই হে তেওঁক অমৰসকলৰ শাৰীলৈ তুলিলে। মথিলী ৰচনাত তেওঁ প্রাকৃত লিপি ব্যৱহাৰ কৰিছিল। তেওঁৰ মৈথিলী, হিন্দীৰ হে ওচৰচুবুৰীয়া, বঙ্গ ভাষাৰ নহয়। বঙ্গলা আৰু অসমীয়া লিপি মৈথিলী মিথিলা আজিকালি দ্বাৰভাঙ্গা বা দ্বাববঙ্গ বিভাগৰ অন্তর্গত । এতিয়াও বিদ্যাপতিৰ নাম মিথিলাৰ সুপৰিচিত আৰু সন্মানিত দ্বাৰভাঙ্গাৰ গাওঁ এখনত, এতিয়াও বিদ্যাপতিয়ে নিজ হাতেৰে তালপাতত লিখা শ্ৰীমদ্ভাগৱত পুথি এখন আছে। বিদ্যাপতি মৈথিলীহে বঙ্গালী আৰু কবিতাবোৰ লিখিছিল । হোমৰক (Homer) সাতখন নগৰে নিজৰ নিজৰ ঠাইতওপজা বুলি দাবী কৰা কথাটো আমাৰ ভিতৰত লেখা-পঢ়া শিকা মানুহে জানে । মিথিলাৰ বিদ্যাপতিকে সেইদৰে বঙ্গদেশেও নিজৰ দেশৰ বঙ্গালী মানুহ বুলি আজি অনেক কালৰপৰা দাবী কৰি আহিছিল । তেওঁলোকৰ ভিতৰৰ কোনো কোনো শিক্ষিত অনুসন্ধিৎসু লোকৰদ্বাৰাই হে সেইটো মিছা দাবী বুলি আজিকালি প্রমাণিত হৈছে । আমাৰ অনন্ত কন্দলিকে বঙ্গভাষাৰ বুৰঞ্জী লেখক বঙ্গালী এজনে তেনেকৈ, বঙ্গালী, আৰু তেওঁৰ বিৰচিত ৰামায়ণকে বঙ্গলা অনন্ত ৰামায়ণ” বুলি দাবী কৰি তেওঁৰ কিতাপত লেখা কথা আমি জানো । এনে দাবীত, দাবীৰ ভিতৰত পৰা গ্রন্থকৰ্ত্তাজনৰ মাথোন গুণ-গৰিমা আৰু যশস্যাৰ সৌৰভ হেৰুদ্ধিহয় দাবী কৰোতাৰ লাভ, আৰু গ্রন্থকৰ্ত্তাজনৰ দেশৰ সাহিত্যৰ লোকচান একো নহয়। সেইদেখি আমি আমাৰ বঙ্গালী সাহিত্যিসকলৰ মুখৰ বাঘজৰীডাল চিলাই দি ৰং চাই থকাত কোনো আপত্তি নেদেখো। বিদ্যাপতিবঙ্গলচণ্ডীদাসৰে আগৰ আৰুবিদ্যাপতি আৰু চণ্ডীদাস দুয়ো চৈতন্যদেৱৰো আগৰ মানুহ । মিথিল সেইকালত আৰুতাৰ আগৰ অনেক প্রচীনকালৰেপৰা সংস্কৃত, সাহিতা, নায় ব্যাকৰণ, কাব্য ইত্যাদি শিক্ষাৰ কেন্দ্রস্বীপ আছিল ভাৰতৰ নানা ঠাইৰপৰা কাশীত পঢ়িবলৈ যোৱাদি মিথিলাতে পঢ়িবলৈ গৈছিল। বাসুদেৱসৰ্ব্বভৌমচৈতন্যৰশিক্ষাগুৰু আছিল সেই কালত বঙ্গদেশত নায় আদি শিক্ষাৰ কোনো পঢ়াশালিবা টোল নাছিল। প্ৰদেশৰপৰা ছাতৰ মিথিলা আৰু কাশীৰ টোলত পঢ়ি আহিছিল। মিথিলাবঙ্গদেশৰ কাষত,সেইদেখি তালৈ পদেশ। গছত সৰহকৈ গৈছিল বাসুদের সাকাডেমি