পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদখিনিয়েও যদিও চীনা ছাতৰবোৰৰ দৰে অশিক্ষিতক শিক্ষা দান কার্য হাতত ল’লেহেঁতেন-অৱশ্যে তেওঁলোকৰ স্কুল-কলেজ বন্ধৰ সময়ত – তেনেহ’লে কিমান ভাল হলহেঁতেন- চীনা ছাতৰসকলে নিজৰ দেশৰ অশিক্ষিতক জ্ঞান-শিক্ষা দিয়া কাৰ্যক ধৰ্ম্মৰ ভিতৰুৱা কৰি লৈছে। আমাৰ অসমীয়া ছাতৰসকলে এই কথাত কি কয় ? অকল পলিটিকছ পলিটিকছ পলিটিকছ ছাত্ৰাৱস্থাতো হেনো পলিটিকছলৈ ঘোটাঘুটি কৰি দেশ উদ্ধাৰ কৰিবলৈ যাব লাগে। আৰু সেই বিষয়ে চিন্তা কৰা অযুগুত বুলি আমি কস্মিনকালে কদাপিও নাভাবো । আৰু নকওঁ । কিন্তু actual যুদ্ধক্ষেত্ৰত তেওঁলোককিমান দূৰ লিপ্ত হোৱা উচিত আৰু সেই ঘূর্ণবৰ্ত্তত জপিয়াই পৰাটো কিমান দূৰ সমীচীন সেইটো ভাবিবৰ বিষয়। সময়মতে এই বিষয়ে আমাৰ বক্তব্য বহলাই কম। সেইবাবে ১৯২৮ চনে, ১৯২৯ চনে, আৰু প্রায় সমাগত ১৯৩০ চনে আমাৰ ওপৰত কোপকৰিলেও আমি নিজৰ মত নিৰ্ভয়েকবলৈ সাজু আছে সম্প্রতি কালক অপেক্ষিত্ৰলোঁ শ্ৰীকৃষ্ণই বৈকুণ্ঠ প্রায়ণ কৰিবৰ আগতে অৰ্জ্জুনক কৈছিল – "পূৰ্ব্বৱতে অবগৰ্ব্ব নকৰিবা সখি । ধৈর্য ধৰি থাকিবাহা কালক আপেক্ষি ।” আসাম, অসম, আচাম, অসমীয়া, আচমীয়া মূল ৰামায়ণত পোৱা যায় যে ৰাৱণে ভাৰতৰ পূৰ্ব্বদিক জয় কৰি তেওঁৰ পুতেক মহীৰঙ্গক সেই দেশত ৰজা পাতিলে । সেই জয় কৰা দেশৰ নাম অন্ম মহীৰঙ্গক মহীৰাৱণ বা মৈৰাৱণে৷ বোলে। কামৰূপ যে মহীৰঙ্গ দানৱৰ দেশ এই প্রবাদ প্রাচীন কালৰপৰা চলি আহিছে। সুপ্রসিদ্ধ বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাৰ ৰচিত অসম বুৰঞ্জীত আছে যে কামরূপ বা অসম প্রাচীন কালত মহীৰঙ্গ দানৱৰ দেশ আছিল । আমাৰ অসমীয়া তিৰোতাই কোনো কোনো বিয়াৰ নামৰ শেহৰ শাৰীৰ অন্তত "ৰাম ৰাম" শব্দৰ দৰে মৈৰাবণ" শব্দ লগাই দিয়া দেখা যায়। মহাৰাৱণ” বা মৈৰাৱণ যে একালত অসমৰ ৰজা আছিল, ইয়ে সেইটো ক্ষীণ আভাস দিয়ে যুক্তক্ষৰত অসমীয়া ভাষাত kSBBB S BBBBS BBB BB BBBB BBBS BBB BBS SS S BB BBBB BBB BSB BBBS অসম হৈছে আনৰপৰা নহয়। সেইদেখি দন্তাস-টো অসমীয়া