বঙ্গদেশত সেই যুগত এজাতৰ নাপিত আছিল, সিহঁতে কাউৰী খাইছিল। সেই নাপিতৰ বংশধৰসকলকে সম্ভবতঃ আজিকালি অঘৰী বোলে। এতিয়াও আমাৰ দেশলৈ অঘৰী আহিলে সিহঁতক কাউৰী খোৱা বোলে, আৰু অঘৰীয়ে কাউৰী মঙহ খায়ও। ইহঁতেই নে সিহঁতৰ পো-নাতি?
সেই কালত গুৱালবোৰ হিন্দুৰ হিচাপত অনাচাৰী আছিল। সিহঁতে গৰু দাগিছিল, দমৰা বন্ধাইছিল, ফুকা দি গাখীৰ খীৰাইছিল, গাইৰে হাল বাইছিল, গাখীৰত পানী দি, সেই পনীয়া গাখীৰ বেচিছিল। সেই দেখি হিন্দু ধৰ্ম্মৰ পুনৰ অভ্যুত্থানৰ সময়ত, ব্ৰাহ্মণসকলে এই অনাচাৰী গুৱালবোৰক পৰিত্যাগ কৰি ন-কৈ এশ্ৰেণীৰ গুৱাল কৰি লৈছিল; সিহঁতক সদ্গোপ বোলে।
কৈৱৰ্ত্ত তীওৰ, জালোৱা আৰু মালাবোৰে নিজক নামত বৌদ্ধ বুলি বুদ্ধং শৰণং গচ্ছামি মাতিছিল; কিন্তু কাজত বৌদ্ধ ধৰ্ম্মৰ প্ৰধান বিৰুদ্ধ কাৰ্য্য প্ৰাণী হিংসা কৰিছিল। কালক্ৰমত ব্ৰাহ্মণ্য ধৰ্ম্ম প্ৰবল হ’লত ইহঁতৰ অনেকে জাতি-ব্যৱসায় ত্যাগ কৰি হাল বাবলৈ আৰু আন আন ব্যৱসায় কৰিবলৈ ধৰি অন্তত আন আন নাম ল'লে।
বৌদ্ধধৰ্ম্মৰ জয় জয় অবস্থাত হিন্দু সমাজৰ পৰা লাহে লাহে ভিক্ষু সংগ্ৰহ হৈ সঙ্ঘ ভৰিছিল। অৱনতিৰ অৱস্থাত সঙ্ঘৰ পৰা লাহে লাহে মানুহ ভাগি হিন্দু সমাজৰ ফালে আহিছিল। আগৰ ডোখৰত সঙ্ঘত স্ত্ৰীপুৰুষৰ মিলন হ’ব নোৱাৰিছিল, কিন্তু পিছৰ ডোখৰত সঙ্ঘৰ সকলোৰে একো একোজনী “শক্তি’ লবলৈ ধৰিলে। তেওঁলোকৰ কথা যে শক্তি নহ'লে সাধনা নহয়। কিন্তু সাধনা যিমানেই নহওক, এই সংযোগত ল’ৰা-ছোৱালী অলেখ হ’বলৈ ধৰিলে। প্ৰথম প্ৰথমতে সেইবোৰক বৌদ্ধ সমাজৰ ভিতৰত সুমাই লোৱা