পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিচাৰি নাপালো;-অৱশ্যে আমাৰ বুদ্ধিৰ দোষতে কিজানি । নেহৰু ৰিপোর্টৰ বিষয়ে দুই ভাই আলিয়েও তাকে কয়। আমি দেখাত, তেওঁলোকৰ বুদ্ধি-বিদ্যাৰে সমান-সমনকি, অনেক বিষয়ত বেছি, যি কেইজন মুছলমান নেতাই নেহৰু ৰিপোর্টত চহী কৰিলে,আৰু কংগ্ৰেছত দেহে-কেহে যোগ দিলাগি আছে, তেওঁলোকেও নো এই কথা দেখিবলৈ পোৱা নাই নে ? ছাৰ আলি ইমাম, মহম্মদাবাদৰ ৰজা, ডাক্তৰ আনছাৰি, আব্দুল কালাম আজাদ প্রভৃতিক হিন্দু মহাসভাই ইমানকৈ গিলিলে নে যে তেওঁলোকৰ বুদ্ধি-বিদ্যা লোপ পালে। মাথোন দুই আলিৰ মূৰতহে বুদ্ধিৰ চুঙা দুটা সোমাই আছে কত সকলো লগ লাগি এই সময়ত ভাৰতক নীৰোগ কৰিবলৈ যাব নে, বঙালীতক’বৰ নিচিনা নেতাসকলে “কালনেমিৰ লঙ্কা ভাগ” কৰিবলৈ গৈছে।ভাৰতৰ অদৃষ্টই এনে ঠিক criticalসময়ত ভাৰতৰ গুৰি-বঠা ধৰোতাবোৰে গুৰি-বঠা এৰি এনেকৈ মিছ কথাতে খোৱা-কামোৰা লগায় । ইয়াক ঈশ্বৰৰ শাওপাতৰ বাহিৰে আৰু কি বুলিবা ? এটা কথা কিন্তু ঠিক । পৰস্পৰে পৰস্পৰৰ চকুচৰহা বৰমূৰীয়াবোৰ বৰচাঙত বহি যিহকে কৰি থাওক, এনে সময়-নিশ্চয় এদিন আহিব, যে এই গ্রহদোষ, দশাদোষ কেনিবা উৰি যাবই; আৰু ভাৰতৰ ভৱিষ্যত আকাশ ফৰকাল হ’বই । বোলোনাওখন ডকা আৰুচটৰপৰা আঁতৰাই লৈপিছত তোমালোকৰ ভাগৰ সৰহ তাকৰৰ লেখকৰি থোৱা কামোৰা কৰাহঁকচোন । সুখৰ বিষয়, যে মুছলমান ভিতৰত অনেক শিক্ষিত লোকে ওপৰত কৈ অহা তৰপৰ নেতাবোৰৰ স্বাভাৱ-চৰিত্ৰ লাহে লাহে বুজি আহিবলৈ ধৰিছে। গ’ল মাহত বোম্বাইত "কংগ্ৰেছমছলেম পার্টি" বুলি কিছুমান উদাৰ মনৰশিক্ষিত মুছলমানৰ সভা এখনগঠিত হৈছে। পিপোলছ জিনা হলত বহ সেই মুছলমান পাটিৰ সভা এখনত, ভূতপূৰ্ব্ব বৰোদাৰ চিফ জাষ্টিছ মিষ্টাৰ আকা আয়েবজীয়ে কোৱা কথা আষাৰচেৰেক আমি এইখিনিতেতুলি দিওঁ। কথাবোৰ পঢ়ি আমি বৰ সুখ পালো; আৰু আমনি দেশৰ উদাৰ মনৰ মুছলমানসকলে আশাকৰোঁ কথাকেইষাৰত ==Nos aasta: "He (Tyabji)wanted both Hindus and Muslims to realise that their only salvation was the Congress. He deplored that both the communities were fighting as to what they