পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৌদ্ধধৰ্ম্ম নতুন অৱস্থা অনুসৰি নতুনভাৱে ভাৰততে থাকি গ’লহেঁতেন । আৰু যদি শঙ্কৰাচাৰ্য প্রমুখেই তেনে নকৰি তাক সেইদৰেই থাকিবলৈ দিলেহেঁতেন, তেনেহ’লে সি তিব্বতত থকাদি বিকৃত আকাৰেৰে পয়া লাগি ভাৰততে থাকি ভাৰতক অধোগতি প্রদান কৰিলেহেঁতেন। ভাৰতৰ সুকপালৰ গুণে নতুনকৈ উঠা ব্রাহ্মণ্য ধৰ্ম্মই তাৰ ঠাইত এনে তেজাল ভাৰ, আৰু বিধি-ৰিধান প্রচলিত কৰিলে যে ভাৰত পুনৰ্ব্বাৰ সজীৱ সতেজ হৈ উঠিল ব্রাহ্মণসকলে অনেক বিষয়ত বৌদ্ধ ধৰ্ম্মৰে নিচিনা লোকৰঞ্জক নতুন ধৰ্ম্মৰে সৈতে নতুন বিধিবিধান সমাজক দি সমাজক অচিৰতে তেজী আৰু সবল কৰি তুলিলে। কাব্য,পুৰাণ,ইতিহাস ইত্যাদিৰ মনমোহা আৱৰণেৰে শ্ৰীকৃষ্ণ পূজা,শ্ৰীৰামচন্দ্ৰৰ পূজা আৰু সেই অনুসৰি সামাজিক বিধিবিধান প্রচলিত কৰি সমাজক তেওঁলোকে আকৌ ডেকা কৰি পেলালে। বৌদ্ধ ধৰ্ম্মই মানুহক বাস্তৱ জগতৰপৰা আৰু দৈনিক সম্পর্কেৰে পৰিপূৰিত গার্হস্থ ধৰ্ম্মাচৰণৰপৰা আঁতৰ কৰি নি বিহাৰ আৰু চৈতত থৈ শুকান উদাসীন কৰিছিল, নতুনকৈ উঠাব্রাহ্মণ্য ধৰ্ম্মই তাৰপৰা মানুহক ওলোটাই আনি (কাৰণতাৰ আগেৰেপৰা মনেৰেসৈত্তেজনসমাজ সেইবোৰৰ ওপৰত বিৰক্ত হৈ স্বাভাৱতে আঁতৰি আহিছিলেই) আকৌ বিচিত্ৰ আৰু সৌন্দৰ্য্যপুর্ণগার্হস্থ ধৰ্ম্মত থাপি আনন্দময় ঈশ্বৰক আনন্দেৰে পাবৰ উজুবাট দেখুৱাই দিলে। বৌদ্ধধৰ্ম্মৰকঠোৰ উদাসীনতা আৰু সংসাৰ বিৰাগৰপৰা মানুহক ওলোটাই আনিবলৈ ব্রাহ্মণ্য ধৰ্ম্মই এনেবোৰ বিধি-বিধান কৰিলে, যেনে – (১) প্রত্যেক হিন্দুৱে বিয়া কৰিব লাগিব, বিয়া কৰি পুত্রসন্তনজন্মাবলাগিব পুত্রপুরামনৰকৰপৰা উদ্ধাৰ হবলৈ আৰু পিতৃপুৰুষক পিণ্ড দিবলৈ লাগে, নহলেই নচলে। (২) বাল্য বিবাহ প্রচলন যাতে সৰুৰেপৰা মানুহৰ মন উদাসীনসন্ন্যাসীবাভিক্ষু হৈ বৌদ্ধবিহাৰৰ বা মঠৰ ফালে ঢাল খোৱা বিধৰ হ’ব নোৱাৰে। (৩)বহুবিবাহপ্রচলন যাতে মানুহৰ সামাজিক আৰু সাংসাৰিক জীৱনৰ প্রতি আকাংক্তক্ষ বাঢ়ে ইত্যাদি। সেই কালত ওপৰত দিয়া বিধিবোৰ সেই কালৰ আৱশ্যকীয় হৈছিল কিন্তু এতিয়া আৰু সেইকালনাই কালৰ সরঞ্জখলি সেইদেখি এতিয়াৰবিধিবিধান এতিয়ানকই অনুসৰি পৃথক হ’বই লাগিব যি এইবোৰ নুবুজি পুৰণি দীপানিয়মবিধি-বিধান আচাৰ-পদ্ধতিতে খামোচমনি এৰি থাকিব খোজে, তেওঁতকৈ ভ্রান্ত আন কোন আছে । - - -