পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুয়ো মহাজ্ঞানী, পৰম পণ্ডিত দেবীৰ খী অর্থাৎ ৰূপে প্রথমতে সেই বিষয়-ৰাসনা পৰিত্যাগ কৰি বৈৰাগ্য ধৰ্ম্ম অৱলম্বন কৰি বৃন্দাবনলৈ গ’ল । সনাতনক নবাবে কোনোমতে এৰি নিদিছিল । সনাতনৰ মনতো প্ৰখৰ বৈৰাগ্য। তেওঁ দিনে-ৰাতিয়ে ভাবিবলৈ ধৰিলে, কেনেকৈ তেওঁ তেওঁৰ বিষয়-বাসনা এৰি সকলো পৰিত্যাগ কৰি ভায়েকৰ পথানুৱৰ্ত্তী হয়। ভাবি ভাবি তেওঁ ঠিক কৰিলে যে তেওঁ কাৰ্য্যক্ষেত্ৰলৈ নাযায়। এই থিৰ কৰি তেওঁ কাম কৰিবলৈ নোযোৱা হ’ল নবাবে ঘনে ঘনে মানুহ পঠিয়াই তেওঁক মাতি পঠিয়ায়, তেওঁ গা বেয়া বুলি নাযায়। নবাবে তেওঁৰ চিকিৎসা কৰিবলৈ হাকিম বৈদ্য পঠিয়ালে,বৈদ্যই তেওঁৰ বিশেষ একো গা বেয়া হোৱা নাই বুলি কলত নবাব নিজে তেওঁক চাবলৈ তেওঁৰ ঘৰলৈ আহিল। সনাতনে ক’লে তেওঁৰ আৰু ৰাজকাৰ্য্য কৰিবৰ ইচ্ছা নাই । নবাবে অনেক বুজাই-বৰাই তেওঁক ৰাজী কৰিব নোৱাৰি শেহত খং কৰি তেওঁক বন্দীশালত থবৰ হুকুম দিলে; সনাতন বন্দী হ’ল। ইয়াৰ কিছুদিনৰ পিছত নবাব আনফালে কোনো ৰাজকাৰ্য্যৰ নিমিত্তে গলত, সনাতনেফাটেকৰ গৰাকী প্রধান মুছলমান বিষয়াজনক পাঁচ হেজাৰ টকা ভেটি দি তেওঁক পলাই যাবলৈ এৰি দিবলৈ খাটিলে। কৰ্ম্মচাৰীজনে গেগো কৰি এৰিব নোখোজাত তেওঁ আৰু দুহেজাৰ অর্থাৎ সাতহাজাৰ টকাদিয়াত ভেওঁক পলাই যাবলৈ এৰি দিলে। সনাতনে কৰ্ম্মচাৰীজনক নবাবক ক’বলৈ শিকাই দিলে, যে সনাতন পানীত পৰি মৰিল । সনাতন তাৰপৰা পলাই বৃন্দাবনলৈ যাওঁতে লগত তেওঁৰ ঈশান নামেৰে এটা লগুৱাক লৈ গৈছিল। সনাতনে তেওঁলোকৰ ওপৰৱালা দুজনকো ৰাজনৈতিক কাৰ্য্যত চলাই লৈ ফুৰায়। আমিও ওপৰৰ কথাবোৰৰ সুৰতে সুৰ মিলাই কওঁ যেহে পুৰুষ! তুমি আৰু কিমানদিন তিৰোতাক অন্যায়কৈ ভৰিৰ তলত দপালি ৰাখিবা ? তুমি তিৰোতাক তলতীয়া কৰি ৰাখিবলৈ সদায় যিবোৰ যুক্তিতর্ক দেখুৱা, সেইবোৰৰ আৰু আয়ুস সৰহ দিন নাই । তিৰোতাকে সমান সুবিধা দিয়া দেখিবা তিৰোতাই বুদ্ধি আৰু কাৰ্য্যৰ সকলো ক্ষেত্রতে তোমাৰে সৈতে সমানে বাট বুলিব পাৰিব, আৰু অনেক সময়ত তুমি ভাল নেপালেও তোমাক বৰং চেৰ পলাই যাব । মিছেছ এনি বেছেণ্টৰ লগ তোমালোকৰ কেইজনে ধৰিব পাৰিছে এইবাৰ কলিকতা বিশ্ববিদ্যালয়ৰ