পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহুত ডাঙৰ বঙ্গালী ভদ্রলোকে তেওঁক দেখা কৰিবলৈ আহিছিল। তেওঁলোকে তেওঁৰ বৰ্ণ সোধাত কায়স্থ বুলি ক’লে, কোন শ্রেণীৰ বোলাত তেওঁ ক'ব নোৱাৰিলে । তেতিয়া পিতাকৰ নাম সোধাত ৰামদত্ত দোলাষৰীয়া বৰুৱা বোলা মাত্রকে তেওঁলোকে দত্ত বংশীয় বুলি ধৰি ল’লে। এইদৰে আসামত দত্ত উপাধি ওলোৱাত ব্রাহ্মণেতৰ সকলো জাতৰ মানুহে দত্ত লেখিবলৈ ধৰিলে। পোনতে ইংৰাজী শিকা বঙ্গালী ডেকাদলে যেনেকৈ খৃষ্টান হ’বলৈ ধৰিছিল, ঠিক সেইদৰে প্রথমতে অসমীয়া ডেকাসকলেও বঙ্গালী বোলাবলৈ বৰ হাবিলাষ কৰিছিল। পাছে যেতিয়া আমনিলাগিওভতনি পৰিল, তেতিয়াহে বৰা, শইকীয়া,বৰুৱা, ফুকন আদি বিচাৰিলৈ পুনৰ অসমীয়া হ’লহি । বঙ্গদেশত শিক্ষাৰ নিমিত্তে যোৱা প্রথম অসমীয়া ডেকা দুজনৰ নাম – প্রিয়লাল আৰু মীনধৰ ৷ এওঁলোক ইংৰাজী উচ্চ শিক্ষা লভিবলৈ হুগলীত পঢ়িছিল । প্রিয়লাল বৰুৱা দুতিৰাম বৰুৱাৰ বৰ পুতেক । তেওঁ মিছা বিদ্রোহত পৰি কন্দপেশ্বৰ সিংহৰে সৈতে আণ্ডামান পাইছিলগৈ । মীনধৰ কৃষ্ণানন্দৰ সহোদৰ ভাইৰ বৰ পুতেক । “সেইকালত চিৰস্তাদাৰসকলে নিজ হাতেবন্ধা পাগুৰি মাৰি উত্তম সাজ-পাৰ পিন্ধি দোলাত, হাতীত বা ঘোৰাত উঠি নাইবা লগুৱা-লিকচৌৰ হতুৱাই বৰজাপী ধৰাই কাছাৰীলৈ যোৱা দস্তুৰ আছিল আৰু গুচৰীয়া-পদকীয়াই ভাৰ-ভেটী ঘৰত শোধাই ডাঙ্গৰীয়াসকলৰ পাছে পাছেলৰ ধৰিব লাগিছিল। " ইংৰাজৰ আমোলত পাইকৰ মূৰে নগদ টকা মাটিৰ খাজনালগোৱাত আৰু বন্দী-বেটী যোৱাৰ বাট দেখুৱাই দিয়াত মাটি ৰোৱাব নোৱাৰি চন পৰি থাকিব লগা হোৱাত এৰি দিলে। নিগ্রো বন্দী-বেটী মোকলাই দিওঁতে ইংৰাজ গবর্ণমেণ্টে বন্দীবেটীৰ মালিকহঁতক দুই কোটি পাউণ্ড ষ্ট্রলীং ক্ষতিপূৰণ দিছিল । আসামত পইছা এটাও নিদি আইন জাৰি কৰিয়েই সহজে কাৰ্য সিদ্ধি কৰিলে ।” - ইংৰাজ আমোলত এবিধ গোলাম মুকলি হল হয়, কিন্তু আন এবিধ গোলাম ওলাল। এইবিধ গোলামে কান্দিকাটি গছৰ পাত সৰাই মালিকক কয়- আমাক মুকলি কৰি দিয়া মালিকে কিন্তু বান্ধ নেমেলে, অথচ মিঠা কথাকৈ প্রবোধ দিবলৈকো নেৰে । আচলতে মালিকৰ ভাওটো গৰগয়া মিতিবৰ-মুখে বোলে থাক থাক,কিন্তু ভৰিৰে হেচোকেনাও।