পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২)


       প্ৰাচীন কালত ভাৰতত নচাটো দোষৰ কথা নাছিল। সকলোৱে তেতিয়া নাচিব জানিছিল। চৌষষ্টি কলাৰ ভিতৰত ইও এটা কলা বিদ্যা আছিল। তেতিয়া ল’ৰাইও নাচিছিল, ছোৱালীয়েও নাচিছিল, গাভৰুৱে নাচিছিল। বুঢ়ীয়েও নাচিছিল। আজিকালি আমাৰ ভাওনাত আৰু বঙ্গালীৰ যাত্ৰা-গানত সকলো ভাৱৰীয়াই নচা দেখি আমি “শিক্ষিত” আৰু "সভ্য"বোৰে ভাবো, এইটো কি অসভ্য কথা :–
       কৃষ্ণই নাচে, ৰাধাই নাচে, নন্দইও নাচে, যশোদাইও নাচে, ৰজাইও নাচে, ৰাণীয়েও নাচে, সেনাপতিয়েও নাচে, লিগিৰীয়েও নাচে, সূত্ৰধাৰীৰতো কথাই নাই, তেওঁ কথায় কথায় নাচে!

       নাচৰ কৌশল ডাঙৰ কৌশল। মনৰ ভাব প্ৰকাশৰ নিমিত্তে অঙ্গিভঙ্গি কৰাৰ নাম অঙ্গহাৰ। এনেকুৱা তিনিচাৰি ৰকমৰ অঙ্গহাৰ একেটা কৰি মনৰ গভীৰ ভাব প্ৰকাশ কৰাৰ নাম কৰণ। কৰণৰ পৰা যি গভীৰ ভাব প্ৰকাশ হয়, তাৰ নাম ভাব। যিবোৰেৰে ভাব প্ৰকাশ হয় তাৰ নাম ভাব। ভাবৰ কাৰ্যক অনুভাব বোলে। এই এটাইবোৰ ফুটি উঠিলে ৰস হয়। ৰসৰ আস্বাদ হলে নৃত্যত সি প্ৰকাশিত হয়। সেই বাবে নৃত্য বা নাচৰ ইমান আদৰ আছিল। ভাৰতত স্ত্ৰী-মূৰ্ত্তি কতো অঙ্গহাৰ নোহোৱা দেখা নাযায়। বিষ্ণুমূৰ্ত্তি আৰু বুদ্ধৰ মূৰ্ত্তি যেনেকৈ থিয়, ধীৰ, গম্ভীৰ, স্ত্ৰী-মূৰ্ত্তি তেনেকুৱা কতো দেখিবলৈ পোৱা নাযায়, স্ত্ৰী-মূৰ্ত্তিৰে সৈতে এটা নহয় এটা অঙ্গহাৰ আছেই।

* * *

       বৌদ্ধ যুগৰ শেষডোখৰত বঙ্গদেশত মলীয়াই ফুলৰ বাগিচাত অকল যে ফুল-গছ ৰুইছিল এনে নহয়, তাত কুকুৰাও পুহিছিল আৰু কুকুৰাৰ কণীবোৰ ফুলেৰে সৈতে কুকিত লৈ গৈ কুকুৰা-ফুল বুলি বেচিছিল। বৌদ্ধসকলৰ দেৱতাৰ পূজাত জাতি চন্দন আৰু ৰঙা চন্দনৰ থুৰিৰ লগে লগে কুকুৰা ফুলৰো এট জুৰি থাকিছিল, তেওঁলোকে সেই কুকুৰা-কণীকো ভাঙি ফুল দিয়াদি দেৱতাৰ মূৰত দি দেৱতাৰ পূজা কৰিছিল।

* * *