পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১)


       বাঁহীয়ে ’পলিটিক্সত’ হাত নিদিয়ে। কিন্তু হিন্দু-মুছলমানৰ মৰামৰিটো পলিটিক্সৰ ভিতৰত পৰেনে কিহতে পৰে ক’ব নোৱাৰোঁ। কোনোৱে বোলে পৰে, কোনোৱে বোলে নপৰে-পৰে ধৰমত হে। আমি কিন্তু মৰামৰিৰ মাজত পৰি পেপুৱা লাগিছোঁ, মাৰৰ কোবত আমি ক’ত পৰো, ক’ত নপৰো অৰ্থাৎ কাৰ বহাত সোমাই পৈতৃক প্ৰাণটি ৰক্ষা কৰিম, সেইটোৰ ভূ নলৈ লৰি কেতিয়াবা হিন্দুৰ ঘৰত সোমাইছোঁ, কেতিয়াবা মুছলমানৰ ঘৰত আশ্ৰয় লৈছো, আৰু সদাশয় হিন্দু গৃহস্থই নিজৰ বিপদলৈ আওকাণ কৰি আমি মুছলমানক আশ্ৰয় দি ৰাখিছে, আৰু হুৰা-মূৰাৰ কালতো মূৰ থিৰেৰে ৰাখিব পৰা বিজ্ঞ মুছলমান গৃহস্থই ঘটিব পৰা আপদলৈ চকু নিদি আমি হিন্দুক নিজৰ ঘৰত স্থান দি ৰাখিছে। এতেকে হিন্দু-পলিটিক্সৰ টিকনি আৰু মুছলমান খিলাফতৰ ডাঢ়িৰ নুৰাত একেমুঠিয়েই ধৰি যেতিয়া দন্দুৰা দৈত্যই “ঘণ্টা লাৰি” দুইৰো ওপৰত পৰি দুইকো "ভূমিত পাৰি” সমজ্যাত চোচোৰাই লৈ ফুৰায়, তেতিয়া স্থান, কাল, দেশ, পাত্ৰৰ হিচাপ ৰাখিব নোৱাৰি একেলগে সদায় মিলা-প্ৰীতিৰে থকা দুই ভাই হিন্দু-মুছলমানক এইদৰে মিছা কথাতে বা ক্ষুদ্ৰ কথাতে মূৰ ফলাফলি কৰি মৰিবলৈ আজিৰ দিনতো কোনে ভাৰতীয় জাতি (Indian Nation) সঙ্ঘটনৰ আৰম্ভতে এইদৰে ভাৰত আইৰ আগ মঙহতে কামোৰ মাৰিছে, সেইটোৰ বুজ-বিচাৰ ল’বলৈ আজি আমি নাযাওঁ, কাৰণ সেই কাৰ্য্য কৰোতাসকল বৰঘৰৰ বেৰৰ ভিতৰত, কোনেও তেওঁলোকক নেদেখে, আৰু দেখিলেও আঙুলিয়াবলৈ নাইবা তেওঁলোকৰ গাত হাত দিবলৈ সাহ নকৰে। তাৰ কাৰণ অনেক। তেওঁলোকে