পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাশ্মীৰ কুমাৰী। ১ম অ—১ম দৃ কাৰণে কাশ্মীৰী কাপুৰুষ হৈ বহি নেথাকে মন্ত্ৰী, কাশ্মীৰীয়েও যুদ্ধ কৰিব। [ ৰাৰ প্ৰস্থান ] মন্ত্ৰী -সহস্ৰবাৰ কৰিব আই। বিজয়-- [ ভাবি ] মন্ত্ৰী। মন্ত্ৰী-- মহাৰাজ। বিজয়-- যদিও পিতাৰ মৃত্যুৰ পিচৰ পৰাই সদাই এই সন্দেহ কৰি আহিছিলোঁ, এনে হীন উপায় অৱলম্বন কৰি বিসিংহই যুদ্ধৰ সুযোগ ল'ব বুলি নেভাবছিলোঁ। মন্ত্ৰী বিশ্বসিংহ ৰজাৰ অযোগ্য মহাৰাজ। শুনিছে তেওঁ ৰাজ শক্তিৰ অপব্যৱহাৰ কৰি প্ৰাগজ্যোতিষত অশান্তি আনিছে। বিজয় কিন্তু সেই প্ৰাগজ্যোতিষৰ মহিমাময় মন্দিৰত মহাপ্ৰভু যোগেশ্বৰৰ আজিও যোগনিদ্ৰা; সেই প্ৰাগজ্যোতিষতে পুণ্যত বশিষ্ঠৰ পুণ্যাশ্ৰমত শান্তিদায়িনী গিৰিনন্দিনী সন্ধ্যা ললিতা কান্তা আজিও প্ৰবাহিতা , সেই প্ৰাগজ্যোতিষতে নীলাচল বাসিনী আই ভবানী কামাখ্যা গোসানী আজিও জাগৃতা। মন্ত্ৰী-[ সভয়ে ] তেন্তে মহাৰাজ। বিজয়- ভয় নাই মন্ত্ৰী, বশিষ্ঠাশ্ৰম প্ৰাগজ্যোতিষৰে আশ্ৰম নহয়, জগতৰৰ আশ্ৰম; মহাপ্ৰভু যোগেশ্বৰ বিশ্বসিংহৰে পিত নহয়, বিশ্ববো পিতা; আৰু আই কামাখ্যা অকল কামৰূপৰে মাতা নহয়, কাশ্মীৰৰৰ মাতা। এ প্ৰস্থান]