বিজয়-প্ৰাৰ্থনা পূৰ্ণ কৰিব নোৱাৰিম বুলি।
ৰত্না— বিজয়, বিশ্বসিংহই যেতিয়া মিত্ৰতা বিচাৰিছে, আমি শত্ৰুতাচৰণ কৰিবলৈ
যোৱা অন্যায় হ'ব।
বিজয়- ই মিত্ৰতা নহয় আই, ই পৰীক্ষা। প্ৰাগজ্যোতিষপুৰে আজি কমলাক বিচৰা
নাই, বিচাৰিছে কাশ্মীৰৰ গৌৰৱ ক্ষুন্ন কৰিবলৈ। কাশ্মীৰ কুমাৰীৰ বাবে
অনঙ্গ উন্মত্ত নহয়, উন্মত্ত কাশ্মীৰৰ ৰত্নৰাজীৰ কাৰণে।
ৰত্না— মোৰ বিশ্বাস নহয় বিজয়।
বিজয়- [ অন্যমনস্ক হৈ ] প্ৰহৰী। [ প্ৰহৰীৰ প্ৰবেশ ]। মন্ত্ৰীক মাতি আন।
[ প্ৰহৰীৰ প্ৰস্থান ]
ৰত্না- মোৰ বোধেৰে তই ভুল বুজিছ বিজয়।
বিজয়— যদি ভুল বুজিছোঁ সংশোধনৰ উপায় আছে কিন্তু আই, যদি বুজি ভুল
কৰো, কাশ্মীৰৰ অধঃপতন অৱশ্যম্ভাবী!
[ মন্ত্ৰীৰ প্ৰবেশ; বিজয়ে চিঠি দিয়ে ]
মন্ত্ৰী— [ চিঠি পঢ়ি ] মহাৰাজ, পত্ৰৰ প্ৰত্যেক বৰ্ণতে অভিসন্ধি লুকাই আছে।
ৰত্না- অভিসন্ধি!
মন্ত্ৰী- হয় আই অভিসন্ধি। বিশ্বসিংহই, যুদ্ধৰ সুযোগ বিচাৰি প্ৰত্যাখান কৰিব বুলি
জানি শুনিও, এই প্ৰস্তাব মহাৰাজলৈ পঠাইছে!
ৰত্না- সেয়ে যদি সঁচা হয়, জন্মভূমিৰ কাৰণে স্বাধীনতাৰ