[ প্ৰহৰীৰ প্ৰবেশ ]
প্ৰহৰী—প্ৰাগজ্যোতিষৰ, দূত মহাৰাজৰ দৰ্শন প্ৰাৰ্থী।
বিজয়—প্ৰাগজ্যোতিষৰ দূত! আই—
ৰত্না—ইয়ালৈকে মাত, মই যাওঁ। [ ৰত্নাৰ প্ৰস্থান ]
বিজয়--আহিবলৈ ক। [ প্ৰহৰীৰ প্ৰস্থান ] প্ৰাগজ্যোতিষৰ দূত কাশ্মীৰত কিয়?
[ ভাবে ]
[ দূত আৰু প্ৰহৰীৰ প্ৰবেশ। দূতে অভিবাদন জনাই ৰৈ থাকে। বিজয়ে
প্ৰহৰীক যাবলৈ ইঙ্গিত দিয়ে। [ প্ৰহৰীৰ প্ৰস্থান ]
বিজয়—তুমি আহিছা প্ৰাগজ্যোতিষৰ পৰা?
দূত-হৈছে মহাৰাজ।
বিজয়-প্ৰয়োজন?
[ দূতে একো নেমাতি এখন চিঠি উলিয়াই আগবঢ়াই দিয়ে।]
বিজয়-[ চিঠি পঢ়ি ] প্ৰহৰী। [ প্ৰহৰীৰ প্ৰবেশ] এওঁক বিশ্ৰামাগাৰলৈ লৈ যা। [
দূত আৰু প্ৰহৰীৰ প্ৰস্থান ] আই, আই—[ ৰত্নাৰ প্ৰবেশ ] বিশ্ব সিংহই
অনঙ্গৰ কাৰণে কমলাৰ পাণি প্ৰাৰ্থনা কৰি পত্ৰ লিখিছে; আৰু অসন্মত
হলে কাশ্মীৰ আক্ৰমণ কৰিম বুলিও ভয় দেখুৱাছে।
ৰত্না-ক’ৰ বিশ্বসিংহ?
বিজয়—প্ৰাগজোতিষপুৰৰ অধীশ্বৰ।
ৰত্না—কি উত্তৰ দিলি?
বিজয়-নাই দিয়া, দিম।
ৰত্না-কি বুলি দিবি?