পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৬৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



কাশ্মীৰ কুমাৰী। | [ ৪ৰ্থ অ—২য় দৃ সেই ৰেখাতেই আগেছি প্ৰাণত, স্মৃতিৰ বকুল গোপনে গথ। শাৰদী নিশাৰ অৱশানে সুৱদি স্মৃতি আনে | গোপন গানে, সোণালী ৰেখাৰ সেই সপোনতে আহে প্ৰিয় মোৰ গোপ পানে, যেন কোনোবাই পৰশ ভৰা। বাহীটি বাই পুলক উঠা॥ [ গীতৰ শেষত কমলা যাব খোজোতেই, বীণা এখনৰ তাৰ এডাল | লিৰিকি বিদাৰি বিমলাৰ প্ৰবেশ ] বিমলা-সখী, সুৰ বান্ধিব খোজোতেই তোমাৰ বীণাখনৰ | তাৰ ছিগিল হে। কমলা- চাওঁ। [ বীণাখন লয়, এনেতে প্ৰতাপসিংহৰ প্ৰবেশ ] প্ৰতাপ বিমলা। বিমলা দাদা। [ প্ৰতাপক দেখি কমলাৰ প্ৰস্থান ] প্ৰতাপ মহৰিাজক মই আহিছে বুলি কব। বিমলা— বাৰু। [ প্ৰস্থান ] প্ৰতাপ- [ নিজে নিজে ] হঠাতে মহাৰাজে এইদৰে মতাই পঠোৱাৰ কাৰণ বুজিব পৰা নাই। [ ভাব থাকে বিজয়সিংহৰ প্ৰবেশ, প্ৰতাপে অভিবাদন কৰে। বিজল্প— সেনাপতি, তোমাৰ কথামতেই ধীৰেন্দ্ৰসিংহৰ দণ্ডাদেশ