২য় দৃশ্য তিস্তা পাৰৰ ৰণক্ষেত্ৰ। (ৰণবাদ্য বাঞ্জি থাকে; খোলা তৰোৱাল লৈ সূৰ্যসিংহৰ বেগেৰে প্ৰবেশ। )। সূৰ্য আক্ৰমণ কৰা, আক্ৰমণ কৰা শত্ৰুসৈন্য ধূলিৰ লগত মিহলাই দিয়া। কাশ্মীৰীৰ তেজেৰে ৰণক্ষেত্ৰ প্লাবিত কৰা। কামৰূপীৰ লগত কাশ্মীৰীৰ প্ৰতিযোগিতা। হাঃ হাঃ হাঃ! [ বেগেৰে প্ৰস্থান। খোলা তৰোৱাল লৈ বসন্তৰ প্ৰবেশ } বসন্ত-ভয় নাই কাশ্মীৰী, যুদ্ধ কৰা যুদ্ধ কৰা; বীৰৰ দৰে যুদ্ধ কৰা। প্ৰমত্ত মাতাঙ্গৰ দৰে শত্ৰুসৈন্য নিৰ্মুল কৰা। [ বেগেৰে প্ৰস্থান। বিপৰীত ফালৰ পৰ: কাশ্মীৰ সৈন্যৰ। বেশত গুৰ, প্ৰবেশ ] অনন্ত-- প্ৰতাপসিংহ, কাশ্মীৰৰ প্ৰেধান সেনাপতি, ছদ্মবেশেৰে যুম অনন্ত আজি তোৰ পাচে পাচে ফুৰিছে। আৰু পৰিত্ৰাণ নাই। মোৰ এই তীক্ষ অসি প্ৰতিহিংসা পূৰ্ণ কৰিবলৈ আকুল, মোৰ তৃষ্ণাতুৰ প্ৰাণ তোৰ বক্ষৰক্ত পান কৰিবলৈ ব্যাকুল। [ প্ৰস্থান। [ বিপৰীত ফালৰ পৰা প্ৰতাপসিংহৰ প্ৰবেশ ] প্ৰতাপ- সকলো চেষ্টা ব্যৰ্থ হ'ল। দুই লক্ষ কাশ্মীৰী সৈন্য নিহত, বসন্ত বন্দী। প্ৰচণ্ড বিক্ৰমেৰে ৰাজধানী ধ্বংস কৰিবলৈ শত্ৰু আগ বাঢ়িছে। আই কাশ্মীৰ, নেজানো তোৰ