আৰোগ্য কামনা কৰি যুদ্ধত প্ৰবিষ্ট হোৱাঁ। মোৰ দুৰ্ভাগ্য, বীৰেন্দ্ৰসিংহ
বিদ্ৰোহী, অনন্ত অকৃতজ্ঞ আৰু এই সন্ধি-ক্ষণত জননী শয্যাগতা।
প্ৰতাপ- বীৰেন্দ্ৰ আৰু অনন্তৰ কাৰণে আক্ষেপ নকৰিব মহাৰাজ?
বিজয়- শুনিছোঁ, অনন্ত হেনো শত্ৰুৰ লগত যোগ দিবলৈ আহিছে!
প্ৰতাপ –[ আচৰিত হৈ ] নিৰ্ব্বাসিত অনন্তই! শত্ৰুৰ লগত যোগ দিবলৈ আহিছে।
বিজয়- আচৰিত হৈছা? [ বিষাদৰ হাঁহি মাৰি মানুহে কৰিব নোৱাৰা কাম একো
নাই। যাওক!বসন্ত
বসন্ত- মহাৰাজ।
বিজয়- কাশ্মীৰৰ গৌৰবপূৰ্ণ এখন তৰোৱাল তোমাৰ হাতত তুলি দিছোঁ। মনত
ৰাখিবা; তাৰ মুঠি কাশ্মীৰীৰ অস্থিৰে নিৰ্ম্মিত। প্ৰতাপসিংহ, নৃমুণ্ডমালিনীৰ
পূজাত লক্ষ লক্ষ ৰক্ত জবাৰ আজি প্ৰয়োজন হৈছে। পূজাৰ পুৰোহিত
তুমি। চাবাঁ, যেন প্ৰত্যেকটি ফুল জননীৰ পদত পৰে।
[ এটা সৈনিকৰ বেগেৰে প্ৰবেশ ]
সৈনিক-শত্ৰু সৈন্য অগ্ৰসৰ হৈছে। [ প্ৰস্থান]
বিজয়-অগ্ৰসৰ হৈছে? তেন্তে প্ৰতাপসিংহ, মন্দিৰত শঙ্খ-ধ্বনি কৰা, বেদীত শলিতা
জলোৱাঁ স্বাধীনতা বীজমন্ত্ৰেৰে পূজা আৰম্ভ কৰা। [ভিতৰত ৰণবাদ্য বাজে]