অনন্ত- এতিয়া তোমাৰ ওচৰলৈ আহিছো এটা কথাৰ কাৰণে।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] জানিছোঁ।
অনন্ত- তোমাক নিৰ্ব্বাসন দিয়া মানে মোকো নিৰ্ব্বাসন দিয়া। মই অকলে কাশ্মীৰত
থাকি কি কৰিম?
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] কি কৰিব!
অনন্ত- বিশ্বসিংহৰ সৈন্য কাশ্মীৰ অভিমুখে কেতিয়াবাই যাত্ৰা কৰিলে। দুই এদিনৰ
ভিতৰতে এইখিনি পাবহি।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] হয় পাবহি।
অনন্ত- কামৰূপৰ যুজৰাজ আহিছে প্ৰধান সেনাপতি হৈ। আমি ইয়াতে তেওঁৰ
লগত যোগ দি কাশ্মীৰ অধিকাৰ কৰিবলৈ যদি সহজ উপায় দেখুৱাই দিওঁ,
যুদ্ধৰ পাচত তুমিয়ে বা ময়ে কাশ্মীৰত বিশ্বসিংহৰ কৰতলীয়া ৰজা হৈ
থাকিব পাৰিম। কি কোৱা?
বীৰেন্দ্ৰ- এই উদ্দেশ্য লৈয়ে আপুনি ইমান দূৰ মোক বিচাৰি আহিছে?
অনন্ত— এই উদ্দেশ্য লৈয়ে আহিছোঁ [ স্বগত | হাতলৈ আহিল আৰু।
বীৰেন্দ্ৰ- [ খং বেজাৰত নিজে নিজে ] অধঃপতন, অধঃপতন। কাশ্মীৰীৰ
অধঃপতন।
অনন্ত - অধঃপতন হ'বই লাগিব , নহৈ পাৰে?
বীৰেন্দ্ৰ - [ খঙত অধৈৰ্য্য় হৈ গোৰোহণি মাৰি ] মুখ বন্ধ কৰ। [ অনন্ত অবাক
হয় ] প্ৰবঞ্চক, প্ৰতাৰক, মিথ্যাবাদী; নিজৰ