বীৰেন্দ্ৰ- এটা ভিক্ষাৰীয়ে হৃদয়ত অফুৰন্ত প্ৰীতি লৈ বিশ্ব-মানৱক ভাই বুলি
আকোৱালি ধৰিবলৈ আলোক পথেদি লৰি গৈছে। আৰু মই, বিপথগামী
ৰাজদ্ৰোহী নাৰকীয়ে,অনুতাপৰ উত্তাপত হৃদয় দগ্ধ কৰি জ্বলি পুৰি
মৰিছো!ভগবান!
[ অনন্তৰ প্ৰবেশ ]
অনন্ত- ইমান দিনৰ মূৰত আজি লগ পালোহি। বীৰেন্দ্ৰ।
বীৰেন্দ্ৰ- কোন?
অনন্ত- মই অনন্ত; কাশ্মীৰৰ মন্ত্ৰী পুত্ৰ। তোমাক বিচাৰি বিচাৰি এইখিনি
ওলাইছোঁহি।
বীৰেন্দ্ৰ- মন্ত্ৰী পুত্ৰই যেতিয়া বীৰেন্দ্ৰক বিচাৰি এইখিনি ওলাইছেহি, এইবাৰ মন্ত্ৰণা
নিশ্চয় গুৰুতৰ।
অনন্ত— তুমি ঠিক অনুমান কৰিছা। তোমাৰ বুদ্ধি আছে।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] হয় আছে।
অনন্ত- তুমি অহাৰ পাচত ৰজাই মোক মুক্তি দি বৰ বেজাৰ কৰিলে।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] হয় কৰিলে।
অনন্ত- আৰু ক'লে, তুমি মোৰ ভাইতকৈয়ো অপোন। আমাৰ ভিতৰুৱা কথা
বীৰেন্দ্ৰক কৈ দিব নেলাগিছিল। |[বীৰেন্দ্ৰই খং আৰু বিৰক্তিৰে অনন্তৰ
মুখলৈ চায়।] তুমি অবিশ্বাস কৰিছা?
বীৰেন্দ্ৰ- [ বিবক্তিৰে ] নাই কৰা।