৩য় দৃশ্য--চন্দ্ৰভাগী নৈৰ পাৰ। ( বীৰেন্দ্ৰসিংহ বহি থাকে ) বীৰেন্দ্ৰ--[ নিজে নিজে ] কপষ্ট অনন্তক বিশ্বাস কৰি আজি মোৰ এই দুৰৱস্থা। মানসম্ভম হেৰুৱালোঁ, পদ মৰ্যদা। হেৰুৱালে, ৰাজদ্ৰোহী হৈ, শেষত কাশ্মীৰৰ পৰা নিৰ্ব্বাসিত হলো; নিজৰ অমঙ্গল নিজে মাতি আনিলো। মোৰ এই অৱস্থা হবই পায়। এটা স্বাৰ্থব্ধ চক্ৰান্তকাৰী যুবক প্ৰতাৰণাত ভোল গৈ যি নিৰ্বোধে চিৰপুজ্য চিৰনমস্ত কাশ্মীৰ অধিপতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব খোজে, প্ৰজাপালক পিতৃস্বৰূপ মহাৰাজক বন্দী কৰিব খোজে, তাৰ সৰ্বনাশ নহৈ হ’ব কাৰ!। হুমুনীয়া কাঢ়ি ক্ষন্তেক নৈৰ ফালে চাই থাকি | আই চন্দ্ৰভাগা, আজন্ম পূজাৰ থলি মহাতীৰ্থ কাশ্মীৰক হেৰুৱাই আজি অশ্ৰু বিগলিত নেত্ৰে তোমাৰ কাষত শান্তি ভিক্ষা কৰিছেহি! শান্তি দিয়া আই। { গীত গাই এটা সন্যাসীৰ প্ৰবেশ ] -গীতপ্ৰীতিত আমাৰ পৰাণ বন্ধ। | পকৰ হৃদয় কৰিম জয়, পথিক আমি মিলন পথৰ পথ যে আমাৰ আলোকময়। [ প্ৰস্থান।