পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



২৮ কাশ্মীৰ কুমাৰী [ ২য় অ—২য় ৮ বিজেতাৰ স্পৰ্শত যেন অশুচি নহয়। মনত ৰাখিব, কাশ্মীৰৰ স্বাধীনতা জন্মস্বত্ব। [ মূৰ দোৱাই প্ৰতাপৰ প্ৰস্থান } বিজয় [ আকাশৰ ফালে একেৰাহে বদ্ধ দৃষ্টিৰে চাই থাকি ] প্ৰবৃত্তিৰ তাড়োত পশুবৃত্তি অৱলম্বন কৰা মানুহ বনৰ বাঘতকৈয়ো ভীষণ। ক্ষুধা নিবৃত্তিৰ কাৰণে বাঘে বিচাৰে হৰিণাৰ মাংস, সিহঁতে বিচাৰে নৰমাংস; তৃষ্ণা নিবাৰণৰ। কাৰণে বাঘক লাগে এটোপ পানী, কিন্তু নৰপশুক লাগে নৰ-ৰক্ত। [ ৰৈ। আচৰিত কি? যি ' আকাশত সূৰ্যৰ হেমপ্ৰভা, সুধাকৰৰ সৌমামূৰ্তি, সেই আকাশতে প্ৰলয়ৰ মেঘ গৰ্জন, বজ্ৰৰ তাণ্ডব নৃত্য। যি বতাহত ফুলৰ মধুৰ সৌৰভ, মলয়াৰ মৃদু হিল্লোল, সেই বহুতে শ্মশানৰ তীব্ৰ গন্ধ, ধুমুহাৰ ভৈৰব লীলা! স্ৰষ্টাৰ সৃষ্টি বিচিত্ৰ। [ লাহে লাহে প্ৰস্থান।