বিজয়- কোন? অ’ সেনাপতি।
প্ৰতাপ- গুপ্তচৰৰ মুখে এইমাত্ৰ সংবাদ পালো, পাচ লক্ষ সৈন্য লৈ কামৰূপৰ
যুবৰাজ কাশ্মীৰ অভিমুখে যাত্ৰা কৰিছে মহাৰাজ।
বিজয়- মাত্ৰ পাঁচ লক্ষ? আশ্বস্ত হ’লো।
প্ৰতাপ— প্ৰাগজ্যোতিষৰ প্ৰত্যেকজন সৈন্যই একোজন বীৰ বুলি শুনিছোঁ মহাৰাজ।
বিজয়- সেই কথা মই বিশ্বাস নকৰোঁ। প্ৰতাপসিংহ, বীৰৰ বৃত্তি দস্যুবৃত্তি নহয়।
[ ৰৈ ] দূৰ্গ নিৰ্মাণ শেষ হলনে সেনাপতি?
প্ৰতাপ- দূৰ্গ নিৰ্ম্মাণ শেষ কৰি দুৰ্গত খাদ্যসম্ভাৰ যুগুত ৰখা হৈছে।
বিজয়- ওঁ। [ ভাবি] আমাৰ কিমান সৈন্য যুদ্ধত সম্পূৰ্ণৰূপে লিপ্ত ৰাখিব খুজিছা?
প্ৰতাপ- মহাৰাজে অনুমতি দিলে, সৰ্ব্বমোট আমাৰো পাঁচ লক্ষ সৈন্য যুদ্ধত
সম্পূৰ্ণৰূপে লিপ্ত ৰাখিবৰ ইচ্ছা। কিন্তু প্ৰথম আক্ৰমণ প্ৰতিৰোধৰ কাৰণে
বিতস্তাৰ পাৰত বৰ্ত্তমান মাত্ৰ আঢ়ৈ লক্ষ সৈন্য নিযুক্ত ৰাখিম বুলি মই
ভাবিছো মহাৰাজ।
বিজয়- মোৰ একো আপত্তি নাই। মাত্ৰ মনত ৰাখিবাঁ,চিৰ অৰাধ্যা জন্মভূমিৰ
জননীৰ সোণৰ, কপালী যেন মলিয়ন নহয়। মনত ৰাখিবাঁ, মাতৃ মন্দিৰৰ
দেবী প্ৰতিমা