পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



২য় দৃশ্য-কাশ্মীৰ প্ৰাসাদৰ বাৰাণ্ডা। ( বিষাদ মনেৰে গীত গাই গাই কমলাৰ প্ৰবেশ) -গীতশাৰদী মধুনিশা শেৱালীৰ বুকুৰে পৰাগ বা গীতি বেদনাৰ অভিমান। নিয়ৰৰ প্ৰতি কণা বিবাহৰ ব্যথা সনা প্ৰণয়ৰ প্ৰতিদান | পৱনৰ প্ৰেমেচ্ছাসে বিৰহৰ উঠে গীতি, শেৱালীৰ বেদনাতে হৃদয়ত জাগে স্মৃতি; বিৰহৰ ব্যথা ভৰি শেৱালীও পৰে জৰি বদনাৰ অবসান। [ গীত গাই গাই কমলাৰ প্ৰস্থান। বিপৰিত ফালৰ পৰা বিজয়সিংহৰ প্ৰবেশ আৰু তেওঁ অহা যোৱা কৰি কিবা ভাবি থাকে ] [ প্ৰতাপসিংহৰ প্ৰবেশ ] প্ৰতাপ- মহাৰাজ।