২য় অ—১ম দৃ ] কাশ্মীৰ কুমাৰী ২৫ বিশ্ব অনঙ্গ, তোমাৰ উপদেশ মই বিচৰা নাই। মই প্ৰোগজ্যোতিষৰ অধীশৰ। মোৰ আদেশ, তিন দিনৰ ভিতৰত যুদ্ধ যাত্ৰা কৰিব লাগে। চন্দ্ৰ-- যুবৰাজ, বৃদ্ধৰ অনুৰোধ, মহাৰাজৰ অবাধ্য নহব॥ সূৰ্য~ বিজয়সিংহৰ ওপৰত প্ৰতিশোধ লোৱা আপোনাৰ কৰ্তব্য যুবৰাজ। অনঙ্গ-- মোৰ কৰ্তব্য সোঁৱৰাই দিয়াৰ কাৰণে তোক ধন্য | বাদ দিছো সূৰ্যসিংহ। [ সূৰ্যসিংহ অপ্ৰস্তুত হয়? বিশ্ব অনঙ্গ, মই জানিব খুজিছে। মোৰ আদেশ পালন | কৰা হ’বনে নহয়? অঙ্গ- প্ৰাগজ্যোতিষৰ অধীশ্বৰৰ এই অন্যায় আদেশ পালন কৰিব নোৱাৰি মই দুঃখীত। কিন্তু, পিতাই যদি আদেশ কৰে অন্যায় হলেও তা পালন কৰিবলৈ পুত্ৰ সদায় প্ৰস্তুত। বিশ্ব-- [ অলপ ৰৈ ] পুত্ৰ। অনঙ্গ-- পিতা? বিশ্ব কাশ্মীৰ আক্ৰমণ কৰাৰ ভাৰ তোৰ ওপৰত। সেনাপতি সূৰ্যসিংহ এই যুদ্ধত তোৰ সহকাৰী। অনঙ্গ-কাশ্মীৰত প্ৰাগজ্যোতিষৰ জয়ধ্বজা উৰুৱাই পুনৰ পিতাৰ চৰণ বন্দনা কৰাৰ অভিলাষ থাকিল। সূৰ্য্যসিংহ আজি সন্ধ্যা সৈন্য শিবিৰ পৰীক্ষা কৰিম। [ প্ৰস্থান ]