পৃষ্ঠা:কাশ্মীৰ কুমাৰী.pdf/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই



| কাশ্মীৰ কুমাৰী ২য় অ—১ম দৃ] সূৰ্য-- মতিছন্ন বিজয়সিংহই মহাৰাজৰ অনুৰোধ উপেক্ষা | কৰিছে যুবৰাজ! চন্দ্ৰ— অকল উপেক্ষাই নহয়, দূতক অৱজ্ঞা কৰি আমাক | অপমান কৰিছে। অন-- মন্ত্ৰীবৰ, কাশ্মৰে যদি প্ৰাগজ্যোতিষক অপমান কৰিছে | সেই অপমান প্ৰাগজ্যোতিষৰ প্ৰাপ্য। বিশ্ব তাৰ কাৰণ অনঙ্গ? অনঙ্গ— কাৰণ ঐশ্বৰ্য গত গৰ্বিত হৈ এদিন বি কাম ৰূপৰ অধিপতিয়ে কাশ্মীৰৰ ভূতপূৰ্ব্ব মহাৰাজক পাৰ্বত্য দস্যু বুলি অৱজ্ঞা কৰিছিলে, সেই কামৰূপ অধিপতিৰ জ্যেষ্ঠ পুত্ৰৰ কাৰণে দস্যু তনয়াৰ পাণি প্ৰাৰ্থনা কৰাত দস্য পুত্ৰ বিজয়সিংহই যদি অপমান কৰে, সেই অপমান প্ৰাৰ্থনাকাৰীৰ প্ৰাপ্য। বিশ্ব- তেন্তে, সেই অপমান আশীৰ্বাদ বুলি মোৰ এই শুভ। | শিৰত তুলি লৈ পৰকালৰ সদগতি কামনা কৰি বহি থাকিম। অনঙ্গ বহি নেথাকি কি কৰিব মহাৰাজ? বিশ্ব কি কৰিম? প্ৰলয়ৰ প্ৰচণ্ড অগ্নিত দগ্ধ কৰি কাশ্মীৰ শ্মশান কৰিম! আৰু তাৰ প্ৰজা পুঞ্জক পশুৰ দৰে হত্যা কৰি প্ৰাগজ্যেতিষৰ পৰাক্ৰম দেখুৱাম। অনঙ্গ— পিতা, দেৱতাৰ লীলাক্ষেত্ৰ পূণ্যভূমি ভাৰতবৰ্ষত ভাৰতবাসীৰ তেজেৰে হাত ৰাঙলী কৰি পৰকালৰ কাৰণে পুণ্য সঞ্চয় কৰিব নেলাগে।