২য় দৃশ্য-প্ৰতাপসিংহৰ ক [প্ৰতাপৰ প্ৰবেশ; পৰিচ্ছদ আৰু ৰোৱাল খোলাৰ লগে লগে] প্ৰতাপ- [ নিজে নিজে ] আকৌ যুদ্ধ! সিদিনা মাত্ৰ কাশ্মীৰৰ সীমান্তত বিদ্ৰোহ দমন কৰি উভতি আহিছো, আজি আকৌ কাশ্মীৰ ৰক্ষাৰ কাৰণে প্ৰস্তুত হ’ব লগাত পৰিল! কাশ্মীৰে কাৰে স্বাধীনতা অপহৰণ কৰিবলৈ যোৱা নাই, কোনো ৰাজ্য লুণ্ঠন কৰিবলৈ যোৱা নাই, তথাপি কাশ্মীৰৰ ওপৰত তহঁতৰ ইমনি আক্ৰোশ কিয়? এটা শান্তিপ্ৰিয় জাতি ভাৰতৰ এচুকত সৰল ভাৱে বসতি কৰি আছে, আৰু তাক গ্ৰাস কৰিবলৈ ভাৰতৰ সিচুকত থকা প্ৰাগজ্যোতিষত আয়োজন চলিছে ধন্য ভাৰতবৰ্ষ। নেপথ্যত অনন্ত-প্ৰতাপ, প্ৰতাপ প্ৰতাপ- কোন? { অনন্তৰ প্ৰবেশ ] অ’ অনন্ত, আহা। অনন্ত- মই এটা কথা, সোধধ বুলি আহিলে॥ [ বহে। প্ৰতাপ- কি কথা অনন্ত? অনন্তু বোলে ৰক্তপাতৰ যো-জা চলিছে, সচানে? প্ৰতাপ- সম্ভৱ সচা। আজি মহাৰাজে সৈন্তশিবিৰ পৰিদৰ্শন কৰি মোক যুদ্ধৰ কাৰণে সাজু হ’বলৈ কৈছে। অনন্ত যুদ্ধ হ’ব কাৰ লগত?