পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৯ ]

কথাপাতি দুখ চিন্তাই ৰজনী বঞ্চিলা।
দেবীবাক্য পূর্ব্বকথা ভাৰ্য্যাত কহিলা।
শুনি তাই বোলে তুমি ঘৰে থাকা ভালে।
মানুষীক খাই মই আসো সােনকালে॥৪০৪
ত্ৰিদিশে নেজানে মায়া জানো যেভমান।
গিলিবাক পাৰোঁ মই ত্রিজগত খান ॥
প্রভাতে লৰিলা তাই জকমক কৰি।
ডাকিনীগণৰ তেবে স্কন্ধে যাই চৰি॥৪০৫
অনন্তৰে ৰণ ভূমিখান পাইলেক।
গাণ্ডি মুশু তেজমানে সবাকো খাইলেক॥
দুর্গাক স্মৰিয়া বৰ দেই দ্রৌপদীক।
যাহাৰ প্ৰসাদে আমি ভুঞ্জিলোঁ অধিক ॥৪০৬
এহিমতে হাৰমুণ্ড চোবাৱন্তে যাই।
চেলেকি তুলিলা সবে নিৰন্তৰে খাই॥
কাৰো পুত্র কাৰো নাতি কাৰো প্রিয়পতি।
বিচাৰ নকৰি খাই পাপীষ্ঠা দুৰ্ম্মতি॥৪০৭
ছলছল বুলি তাই আগক ডকাই।
হাওৰে নাৰিকা জীয়া কিসক চোবাই॥
দ্ৰৌপদ ৰাজাৰ জীক দৰিশন পাইলা।
কিল কিল কৰি সবে ভাবিবাক লৈলা॥৪০৮