পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮৮]

কতনো শকতি তযু ভ্ৰাতৃক মাৰিলা।
নাজানো কি তাৰ গাৱ বজ্ৰদি বান্ধিলা॥
কোন বীৰ কোন থান হন্তে আসিলেক।
দেব কি মনুষ্য তাক নজানে প্ৰত্যেক॥৩৯৯
আমাৰ উপৰে ইতো বীৰ উপজিলা।
আমাক তোমাক ভয় তাহাৰ নভৈলা॥
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
হেন শুনি কালকুঞ্জে দিলন্ত উত্তৰ ॥ ৪০০
বীৰ নুহিকয় সিতো নুহি দেববৰ।
দ্ৰৌপদী নামত তাই নাৰী পাণ্ডবৰ॥
পাঞ্চ পাণ্ডবক আগে আমিয়ে ভুঞ্জিলোঁ৷
তাৰ খঙ্গে মোৰ প্ৰাণ ভ্ৰাতৃক মাৰাইলোঁ।৪০১
কোনোবা দেবতা কহি আছয় তাহাত।
দেবীৰ শাপত মৃত্যু নাৰীৰ হাতত॥
এতেকেসে আমাক মাৰিবে নিষ্ট কৰি।
তাতেসে গৃহক মই আইলোঁ বেগ ধৰি॥৪০২
হেন শুনি মেঘী পাচে দিলন্ত উত্তৰ।
এতমান বল সাহ নাৰী মনুষ্যৰ॥
তুমি থাকা প্ৰাণনাথ আমি চলি চাওঁ।
মানুষ নাৰীৰ বল কণ্টলিয়া চাওঁ॥৪০৩