পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮১]

যমক দেখিয়া বীৰ নয়ন মুদিল।
বামাহাতে শৰপাত আজুৰি কাৰিল॥
শৰ কাঢ়ি কিতাইলেক ম্লেচ্ছ সেনাৰৰ।
যোৰ পৰ্ব্বতৰ খণ্ড কৰিলা প্ৰহাৰ॥৩৬৪
যোজনেক শিতোমহা শিলাখণ্ড বৰ।
সবে বোলে যাজ্ঞসেনী যাইবে যমঘৰ॥
কৃষ্ণ বিষ্ণু নুমৰণ কৰি বৰনাৰী।
আথেবেথে ধনুখান পেলাইলা আচাৰি॥৩৬৫
হৰি সুপ্ৰসন্নত বুদ্ধিত নাঘাতিলা।
দুইহাতে শিলাখন পন্থত ধৰিলা॥
পাক দিয়া দেবী পাচে আলগাই থেলি।
তাহাক লাগিয়া পুনঃ হানিলস্ত ডলি॥৩৬৬
হেন দেখি দানবৰ শৰীৰ কম্পিলা।
গদাঘোট ধৰি আগবাঢ়ি দেও দিলা॥
গদাই কোবাই ভাঙ্গিলেক শিলবৰ।
অদ্ভুত মহিমা সিতো দ্ৰুপদ জিউৰ॥৩৬৭
দেবগণে জোকাৰযে পাৰয় উৰুলি।
সুৰভি কুসুম মাথে সিঞ্চিলা সমুলি॥
ধন্য ধন্য দ্ৰৌপদীক প্ৰশংসা কৰয়।
ৰবি তলে যাৰ সম বীৰ নাহি কয়॥ ৩৬৮