পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫

বিকট দৰ্শন কাৰো অটালৰ গৰ।
মুণ্ডগোট সৰু গাৱ গোট ভয়ঙ্কৰ॥
কাৰো আৰু ভেৰু যেন পতি গোট মান।
কাৰো দুই কাৰো তিনি দেখি বিদ্যমান॥৩৩৪
আচোক যুজিবো পুৰুষৰ দেখি ভয়।
তিৰি জনে দেখিলেই প্ৰাণৰ সংশয়॥
পৰ্ব্বত আকাৰ দেহা আকাশত চৰা।
গৰগৰ কৰি গৰ্জ্জে যোজনৰ পৰা॥ ৩৩৫
কাৰো হাতে পৰ্ব্বত কাহাৰো তৰুশিলা।
যেহেন গোৱালে ধৰি আছে দাঙ্গদিলা॥
লাটিম আকাৰ কৰি পৰ্ব্বত ফুৰয়।
পাক লাগি মেঘ সব আকাশে উধাই॥৩৩৬
ভয়ত তৰস হুয়া দেৱগণ যত।
লুকাই ৰহিলা সবে মেঘৰ আৰত॥
মুনিয়ে বোলন্ত আবে শুনা জন্মিজয়।
সৈন্য দেখি দ্ৰৌপদীৰ ভৈলা মহাভয়॥৩৩৭
হাহৰি কিনো মোৰ মৰণৰ ঘাত।
আজি সে জানিলোঁ মই যাইবো যমবাত॥
এক এক মহাবীৰ দেখিতে ৰাস।
কোনে কৰিবেক তাক যুজিবাক সাস॥ ৩৩৮