পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭৪]

পদ।

বৈসম্পায়ন বদতি শুনিয়ো মহাৰাই।
অনন্তৰে ৰনভূমি সবে পাইলা যাই॥
দলদোপ কৰে মহী নসহয় ভাৰ।
দেখিয়া চমক বৰ লাগিলা দেবৰ।।৩৩০
জানো আই যাজ্ঞসেনী বলে নপাৰয়।
দুষ্ট ম্লেচ্ছ সেনা দেখি লাগে মহাভয়॥
সহায় নাহিকে একালসৰে মহামতী।
মৰিয়া পৰিয়া আছে তাতে পাঞ্চপতি ।।৩৩১
সেহিবেলা যাজ্ঞসেনী দেখিলেক পাচে।
কালি পিম্পৰাৰ মেন শাৰি পাতি আছে॥
পূৰ্ব্বে ৰাম সেনা যেন বানৰ সকলে।
শিল তৰু ধৰি যেন যুযিবাক চলে॥ ৩৩২
সেহিমতে প্ৰথমৰ যত সৈন্য চয়।
তৰু শিলা ধৰি সবে ৰণক চলয়॥
এক মুখ দুই মুখ কাৰো চাৰিখান।
কাৰো প্ৰস্থ কাৰো দীৰ্ঘ কুলা হেন কান॥৩৩৩