পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭২]

শুন অৰে বীৰচয়,  মোৰ বাক্য মনে লয়,
 এতিক্ষণে সাহা নিৰন্তৰ।
পাচক নুগুণি কেৱে  বিঘিনি পাতিৰো যেবে
 মানুষী নাৰীক বেঢ়ি ধৰ॥৩২১
যদি পাৰা শূলে জানি  নুহি শিলবৃক্ষ হানি,
 তেবে গুছে মোৰ হৃদিশাল।
নামাৰি নাকাটি যেবে  যদি ধৰিবাক পাৰা
 ইহাৰ সমান নাহি ভাল॥৩২২
তোমাৰ পাচত আমি শূলত শকতি ধৰি,
 চলি যাই কৰোঁ প্ৰতিকাৰ।
কাহাৰ গহত জানো  অল্পমতি নাৰি গোটে
 মাৰিলেক ভ্ৰাতৃ আমাৰা ॥৩২৩
চলচল নিৰন্তৰ মানুষীক বেঢ়ি ধৰ,
 পাচ নুগুছিবে একোজন।
তাইৰ লগে যদি দেবে  সভাই ভজাই আসি
 তাহাক মাৰিবো এতিক্ষণ॥ ৩২৪
এহিমতে তৰাতৰি  প্ৰচণ্ড আদেশ পাই
 বৰ ম্লেচ্ছ সেনাচয়।
হাতে বৃক্ষ শিলা ধৰি  বেগে সিংহনাদ কৰি
 খেদি খাই ধৰণী কম্পাই ॥৩২৫