পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭১]

কিন্তু মহামায়া নাই  হেনমহা ছিদ্ৰ খৈলা,
 তিৰি জনা ধনুৰ্ব্বান ধৰি।
বলি মহাযুদ্ধ কৰে তেবে বুদ্ধিবলে ঘাটি,
 অবশ্যে তহঁত যাবি মৰি॥ ৩১৬
সেহি বাক্য কলিলেক  মোৰ ভ্ৰাতৃ মৰিলেক,
 আজি মোক কিয় না মাৰিলা।
নাজানোহোইতো গোটে,  মানুষী নাৰীক অনে,
 কোথা হন্তে আসিয়া মিলিলা॥ ৩১৭
বেঢ়ি ধৰি কি কাৰণে বৰ বৰ বীৰগণে
 মানুষী নাৰীক নামাৰিলা।
আনত নাহিকে ছিদ্ৰ,  আমি দুই ভাই মাত্ৰ,
 ইতো কথা দেবীও বুলিলা ॥৩১৮
এহি বুলি মহাক্ৰোধে  সভাক চাহিয়া দৃষ্টে,
 হাত তুলি গৰ্জ্জি বাৰম্বাৰ।
পাত্ৰ মিত্ৰ নিৰন্তৰে  ভয়ে চমকিয়া সবে,
 হৃদয় কম্পিলা সাবাহাৰ ॥৩১৯
ক্ৰোধৰ বেগত আতি  বাঢ়িবে লাগিলা দুষ্ট,
 দেবদেবী কাকো নামানয়।
দুৰাচাৰ দানবক  কালে গ্ৰাসিলেক আসি
 নিন্দাবাণী সবাকো বোলয় ॥৩২০