পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭০]

মহাজন পাণ্ডৱৰ চৰিত্ৰ শােভন।
আক একমনে সবে কৰিয়ো শ্ৰবণ॥
দুৰ্ঘোৰ সংসাৰে ইতো ঔষধ পৰম।
ইহ পৰলােকে গুছে যত সব শ্ৰম ॥৩১২
বোলয় ভাৰত চন্দ্রে আমি অল্পমতি ।
ভক্তিধানে কিনি মােক লােৱা লক্ষ্মীপতি॥
সুখে দুখে মুখে নচাৰোক গুণনাম।
সভাসদ লােকে ডাকি বােলা ৰান ৰাম ॥৩১৩

ছবি।

ঋষিয়ে বােলয় কথা  শুনা ৰাজা জন্মিজয়
 ভ্রাতৃৰ মৰণ শুনি তথা।
আসনত ঢলি পৰি  হাহা প্রাণ ভাই বুলি
 কান্দিবে লাগিলা কহি কথা ॥৩১৪
পিতৃমাতৃহীন আমি দুইগুটি চাওৱাল
 দেব দেবীৰ সঙ্গত আছিলো।
সুৰাসুৰ লােকত যে  অজয় অমৰ ভৈলোঁ,
 হেন মহা কৰক লভিলোঁ॥ ৩১৫