পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬৯]

ৰঙ্গচাই আছে দ্ৰুপদৰ জীউ আই।
কতোহো পলায় কতো মৰি মৰি যাই॥
দণ্ডদুই মানে সব সেনা নাশ ভৈলা।
পলাই যাই তাৰ অধিকাৰী আগে কৈলা॥৩০৭
শুনিয়োক ম্লেচ্ছদেৱ সংশয় ডাঙ্গৰ।
কৈৰ মানুষী তাই বীৰ ভয়ঙ্কৰ॥
ধুনুবান ধৰি সবে লোক বিনাশিলা।
তযু ভ্ৰাতৃক মহাবীৰে শূল প্ৰহাৰিলা॥৩০৮
ব্ৰহ্মবান হানি শূল কাটি আকাশত।
তোমাৰ ভ্ৰাতৃক কাটি পেলাইলা তহিত॥
আৰু যত বীৰ মানে সবাকো কাটিলা।
কি কহিব কথা দেব সমূলে বুৰিলা॥৩০৯
মুনিয়ে বোলন্ত কথা শুনা জন্মিজয়৷।
শুনি কালকুঞ্জ বীৰে নামাতি আছয়॥
কিবা সোপানত কিবা আছে সচিতত।
যমক দেখিয়া একো নপাৱয় তত্ত্ব॥৩১০
কোকাৰি কোকাৰি সিতো কান্দিবে লাগিলা।
ভ্ৰাতৃৰ গুণক বৰ্ণাই বিলাপ কৰিলা॥
শুনা সভাসদ ইতো বনপৰ্ব্ব নাম।
ভুকুতি মুকুতি জাত মিলে অবিশ্ৰাম ॥৩১১