এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬৮]
ৰাক্ষসক মাৰি শৰে শীঘ্ৰেবেগে যাই।
স্নান কৰি আসি টোনে থাকিলা লুকাই॥
বৈসম্পায়ন বদতি শুনিয়ো নৰবৰ।
অদ্ভুত মহিমা সিতো পাণ্ডব সবাৰ॥৩০২
দ্ৰৌপদীক বাক্য মৃত্তে দেবে পুজিলন্ত।
সুৰভি কুঙ্কুম মাথে পুষ্প বৰিষন্ত॥
সেহি বেলা তাৰ যত লগৰী আাছয়।
দ্ৰৌপদীক ধাইলা সবে কৰি বীপৰ্য্যই॥৩০৩
বৃক্ষ শিলা দলি হানি নিসন্ধি কৰিলা।
পৰ্ব্বতক বেঢ়ি যেন মেঘে বৰিশিলা॥
গিৰ গিৰ কৰি সৰ গাৱত পৰয়।
কবচ প্ৰভাবে সতী পীৰা নপাৱয়॥ ৩০৪
পাচে দেবী শৰ আনি গুণত যুৰিলা।
কাটন ফুটন বান প্ৰহাৰ কৰিলা॥
পৰ্ব্বত দোহাৰ কৰে অৰ্জ্জুনৰ শৰে।
ধাত ২ কৰি সবে ম্লেচ্ছ সেনা মৰে॥৩০৫
একে একে কালে কাতে সহস্ৰ সংখ্যাত।
কৰদ্ধ শৰীৰ সবে পৰে ধাত ধাত॥
পুনঃ পুনঃ প্ৰহাৰয় মহাশৰ চয়।
যেন বায়ু নেই পকাফলক সৰাই॥৩০৬