এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬৬]
দুৰাচাৰে কৰিলেক শৰক প্ৰহাৰ।
আক নাশ কৰিবোহোঁ কেমন প্ৰকাৰ॥
আতহন্তে টোনত চাহিলা বৰনাৰী।
উঠি আহে শৰপাত অতি শীঘ্ৰ কৰি॥ ২৯২
মনত হৰিষে শৰ তুলি আনিলন্ত।
জয়কৃষ্ণ বুলি উচ্চাৰিলা অপৰ্য্যন্ত॥
বৈসম্পায়ন বদতি শুনিও জন্মিজয়।
শৰপাত জুৰিলন্ত ধৰনী কাম্পয়॥২৯৩
দেবতা সকলে আতি কৰে জয় জয়।
বাঢ়িবে লাগিলা শৰ দেখি লাগে ভয়॥
মুহুৰ্ত্তেকে মেক মন্দাৰৰ সম লৈলা।
অদভূত দেখি দেবী গুণিবাক লৈলা ।।২৯৪
কিনো আচৰিত ইতো মহ শৰৰ।
ত্ৰৈলোক্য দহিবে পাৰে ইতো অস্ত্ৰধৰ॥
এহি বুলি তান মন কৰিয়া তানয়।
ভৰি গিৰ নাথাকয় ধৰনী লৰয়॥ ২৯৫
যেন সাগৰত মহানাৱে ভয় পাই।
ইতিতি উঠয় সিতো সিতিতি বহয়॥
সেহিমতে শৰৰ সন্ধানে মনীলৰে৷
ত্ৰিদশ দেৱতা আতি ভয় ভৈলা বৰে॥ ২৯৬