এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬২]
কতো আধাকাটা হুয়া ভূমিত বাগৰে।
অন্তৰিয়া যাই কতো মৰিক ডৰে॥
দ্রৌপদীৰ গাৱত কতো প্ৰহাৰ কৰয়।
কবচ প্রভাবে সতী পীড়া নপাৱই ॥২৭২
সন্নিত চাপিয়া ধনুখান দেবী ধৰি।
কোবাইবে লাগিলা অতি চণ্ডনাদ কৰি॥
অযুত নিযুত সেনা মাৰিলা কোবাই ।
কতোদূৰে শোষক দানবে আছে চাই ॥২৭৩
অনেক সহস্ৰ সেনা মৰিবাক দেখি।
মনে মহাদুখ কৰি চাহন্ত নিৰেখি॥
পৰম দাৰুণ ভাবে মাৰে সেনাগণ
তিৰী কি পুৰুষ একো নুবুজি কাৰণ॥ ২৭৪
এহি বুলি বেগধৰি সৈন্য পাচ কৰি।
আগ ভেণ্টি বেলা ভয়ানক শূল ফৰ।
প্রলয় কালত যেন প্ৰজা সংহতি।
শূলধৰি শঙ্কৰে ভৈলন্ত উপস্থিত ॥২৭৫
সেহিমতে তাহাক দেখিয়া লাগে ডৰ।
দ্ৰৌপদীক চাহি পাচে দিলেক উত্তৰ॥
কোন তুমি কোন মতে মাৰ সৈন্যগণ।
কিসক চিন্তিলি আসি আপুন মৰণ॥২৭৬